ইতিহাসত প্রথমবাৰৰ বাবে ভাৰতীয় বায়ুসেনাই শিলচৰলৈ কঢ়িয়াব এক লাখ লিটাৰ পেট্র’ল–ডিজেল
নিয়মীয়া বাৰ্তা, ২১ জুনঃ ভয়ংকৰ বানে ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰি যোগাযোগ সম্পূর্ণৰূপে বিচ্ছিন্ন কৰি তুলিছে৷ ব্রহ্মপুত্র উপত্যকাৰ লগতে বৰাক উপত্যকাতো বানৰ তাণ্ডৱ অব্যাহত আছে৷ ফলত ব্রহ্মপুত্র উপত্যকাৰ সৈতে সম্পূর্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈছে বৰাকৰ তিনি জিলাৰ৷ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনি জিলাত সৃষ্টি হৈছে খাদ্য সংকটৰ লগতে ইন্ধনজাত সামগ্রীৰো৷ উদ্ধাৰ অভিযানৰ ক্ষেত্রত তিনিওখন জিলা প্রশাসনে সন্মুখীন হোৱা জটিলতাই দিছপুৰকো বিবুধিত পেলাইছে৷ এনে সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ বায়ুসেনাৰ সহায় বিচাৰিছে ৰাজ্য চৰকাৰে৷ সেইমর্মে আজি প্রথমবাৰৰ বাবে ভাৰতীয় বায়ুসেনাই বৰাকলৈ এক লাখ লিটাৰ পেট্র’ল–ডিজেল লৈ শিলচৰলৈ বুলি উৰা মাৰিব৷ অসমৰ ইতিহাসত ইমান বৃহৎ পৰিমাণৰ সামগ্রী লৈ বায়ুসেনাই অভিযান চলোৱা নাছিল৷ প্রথমবাৰৰ বাবে হ’ব লগা এই এয়াৰ ড্রপিঙৰ ফলত যথেষ্ট সকাহ পাব বৰাক উপত্যকাবাসীয়ে৷ সেয়াই নহয়, বায়ুসেনাৰ লগতে উত্তৰ–পূব সীমান্ত ৰে’লৱেই সাহায্য সামগ্রী প্রেৰণৰ বাবে বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে৷ একে সময়তে ভাৰতীয় সেনায়ো উদ্ধাৰ আৰু সাহায্য অভিযানত বিশেষভাৱে সহায় কৰিছে জিলা প্রশাসনক৷