নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰ বিশ্বকাপত এনিশাৰ যৌন মিলন অবৈধঃ হ’ব পাৰে ৭ বছৰ জে’ল

বিশেষ বাৰ্তা, ২১ জুনঃ এই বছৰৰ শেষৰ ফালে কাটাৰত অনুষ্ঠিত হ’ব ফুটবল বিশ্বকাপ৷ প্রতিযোগিতা উপভোগ কৰিবলৈ বিভিন্ন দেশৰ দর্শক–অনুৰাগী তালৈ যাব যদিও দেশখনত কিছু কাম–কাজৰ ওপৰত থাকিব নিষেধাজ্ঞা৷ কাটাৰত এনিশাৰ ‘অবৈধ’ যৌনমিলনৰ বাবে হ’ব পাৰে ৭ বছৰৰ কাৰাবাস৷ বিশ্বকাপ ফুটবলৰ সময়ত মেচৰ অন্তত ওৰেনিশা পার্টীত মগ্ন হয় সকলো৷ কিন্তু কাটাৰত সেইবোৰ নিষিদ্ধ৷ তেনেধৰণৰ কোনো আশা যাতে এইবাৰ বিশ্বকাপত কৰা নহয়, তাৰ বাবে সমর্থকসকলক সকীয়াই দিয়া হৈছে৷ আৰক্ষী প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে ‘স্বামী–স্ত্রী নহ’লে বিশ্বকাপ চাবলৈ আহি যৌন মিলনত লিপ্ত হ’ব নোৱাৰিব৷ এই প্রতিযোগিতাত এনিশাৰ যৌন মিলন নাথাকিব৷ দর্শক–অনুৰাগীয়ে কোনো পার্টীত ভাগ ল’ব নোৱাৰিব৷ নিয়ম অমান্য কৰিলে জে’ল হ’ব পাৰে৷ বিশ্বকাপত প্রথমবাৰ এনেদৰে যৌনমিলন নিষিদ্ধ কৰা হৈছে৷’ কাটাৰত স্বামী–স্ত্রীৰ সম্পর্কৰ বাহিৰে যৌন মিলন আৰু সমকামী সম্পর্ক নিষিদ্ধ৷ দেশখনত এনেধৰণৰ অভিযোগ প্রমাণিত হ’লে ৭ বছৰ পর্যন্ত জে’ল হ’ব পাৰে৷ ফিফাই যদিও সকলোকে প্রতিযোগিতাখনলৈ নিমন্ত্রণ জনাইছে, তথাপি অভিযোগ অনুসৰি কিছুমান নির্দিষ্ট পদবীৰ মানুহক কাটাৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাই৷ কাটাৰ ফুটবল সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে কাটাৰ অতি ৰক্ষণশীল দেশ আৰু তাত বহু কার্য সম্ভৱপৰ নহয়৷ সমকামিতা দেশখনত মানি লোৱা নহয় বুলিও সতর্ক কৰি দিয়া হৈছে৷

You might also like