ৰূপহীহাটৰ লাওখোৱাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন
নিয়মীয়া বাৰ্তা, ২১ জুনঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বুদ্ধিমত্তা, মন, আৱেগ আৰু ইচ্ছাশক্তি-এই আটাইবোৰলৈ অনুশাসন আনি সুশৃংখলাবদ্ধ কৰিব পৰা অভ্যাসটোৱে হৈছে যোগাভ্যাস। ৰূপহীহাটৰ লাওখোৱাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। বেচৰকাৰী প্ৰতিষ্ঠান কুৱেৰ ৰ ব্যৱস্থাপনাত লাওখোৱা শিশু বিকাশ প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত শতাধিক ৰাইজৰ উপস্থিতিত বৃক্ষৰোপণ, বন্তি প্ৰজ্জলন, যোগ প্ৰদৰ্শন, আলোচনা চক্ৰৰে লাওখোৱাৰ গোবিন্দ মন্দিৰ প্ৰাংগণত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। উক্ত যোগ দিৱসৰ অনুষ্ঠানত বেচৰকাৰী প্ৰতিষ্ঠান কুৱেৰ ৰ বিষয়ববীয়া মুখ্য উপদেষ্টা, শতাধিক ৰাইজৰ লগতে অংগণৱাদীৰ কৰ্মী সহায়িকা সকলৰ লগতে শিশু উন্নয়ন প্ৰকল্প বিষয়া মঞ্জু দাস উপস্থিত থাকে। যোগৰ নিৰন্তৰ অভ্যাসে এজন ব্যক্তিক দীঘলীয়া জীৱন প্ৰদান কৰে।
প্ৰেৰক জহিৰুল ইছলাম