নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনঃ জিলা প্ৰশাসন, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ আৰু ধুবুৰী কালীবাৰীৰ উদ্যোগ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ ‘আমাক জীয়াই থাকিবলৈ আহাৰ লাগে৷ কিন্তু ভালকৈ, নিৰোগী হৈ আৰু এটা শক্তিশালী মন লৈ জীৱন যাপন কৰিবলৈ আমাক যোগাভ্যাসৰ প্ৰয়োজন৷ সমাজত শান্তিৰ বাবে, মানৱতা ৰক্ষাৰ বাবেও আমি যোগ কৰিব লাগিব৷’ আজি ধুবুৰীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এক কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি এইদৰে কয় ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে৷ উল্লেখ্য যে, ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু আয়ুস মন্ত্ৰালয়ৰ সহযোগত ধুবুৰীৰ ইতিহাসগৰকা শ্ৰী গুৰু টেগবাহাদূৰ চাহিব জী গুৰুদ্বাৰা প্ৰাংগণত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি পুৱা আয়োজিত এক কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদগৰাকীয়ে। সাংসদ নাৰ্জাৰীৰ বন্তি প্ৰজ্বলনেৰে যোগ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হোৱা সেই বিশেষ কাৰ্য্যসূচীত যোগ প্ৰশিক্ষক সুচেন চন্দ্ৰ মহন্তৰ সঞ্চালনাত উপস্থিত সকলোৱে প্ৰায় ৪৫ মিনিট সময় ধৰি যোগাভ্যাস কৰে। আজিৰ এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচীত সাংসদ নাৰ্জাৰীৰ উপৰিও ধুবুৰী জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সন্যাল, চি আৰ পি এফৰ ৪৮ নং বেটেলিয়নৰ কামাণ্ডেন্ট এছ এছ এইচ ৰিজভি প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি স্থানীয় বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত আছিল। উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি পুৱা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰীৰ বালুচৰস্থিত কাৰ্য্যালয় আৰু স্থানীয় ধুবুৰী কালীবাৰী প্ৰাংগনতো যোগাভ্যাসৰ বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। আনহাতে, ৭৫তম স্বৰাজ উদযাপন সমিতি ধুবুৰী জিলাৰ উদ্যোগত ধুবুৰীৰ ঐতিহ্যমণ্ডিত হৰিসভা প্ৰাংগণতো এক বিশেষ যোগ শিৱিৰৰ আয়োজন কৰা হয়।

প্ৰেৰক  অমিতাভ চক্ৰৱৰ্তী

You might also like