১০ বছৰেও চিনাক্ত নহ’ল দোষীঃ ন্যায় নাপালে কেৰাচিন বিস্ফোৰণত মৃত্যু হোৱা ধুবুৰী মহকুমাৰ দুৰ্ভগীয়া পৰিয়ালে
নিয়মীয়া বাৰ্তা, ২৬ জুনঃ প্ৰায় ১১ বছৰ উকলিবৰ হ’ল যদিও আজিলৈ ন্যায় নাপালে চৰকাৰী নীলা কেৰাচিন বিস্ফোৰিত হৈ মৃত্যুবৰণ কৰা ধুবুৰী মহকুমাৰ সেই দূৰ্ভগীয়া পৰিয়ালেবোৰে; আনকি চৰকাৰী ক্ষতিপূৰণৰ সম্পূৰ্ণ ধনৰাশিও লাভ নকৰিলে তেওঁলোকে। উল্লেখ্য যে, প্ৰায় ১১ বছৰ পূৰ্বে ২০১১ চনৰ জুলাই দ্বিতীয় সপ্তাহৰ পৰা আগষ্ট মাহলৈ সমগ্ৰ ধুবুৰী মহকুমা কঁপাই তুলিছিল কেৰাচিন তেলৰ বিস্ফোৰণৰ এক ঘটনাই৷ চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিন তেল ব্যৱহাৰ কৰি ষ্ট’ভ, চাকি আদি জ্বলাবলৈ গৈ দাউদাউকৈ জ্বলি উঠাৰ ফলত অগ্নিদগ্ধ হৈ মহকুমাটোৰ ৩৪ গৰাকী দূৰ্ভগীয়াই কৰুণ, কষ্টকৰ মৃত্যুক সাবটিবলগীয়া হৈছিল; আহত হৈছিল ১০০ গৰাকীৰো অধিক লোক। চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিন তেল এনেদৰে দাউদাউকৈ জ্বলি উঠাৰ সেই বিস্ফোৰণ সদৃশ পৰিঘটনাক ৰাজ্যৰ সংৱাদ মাধ্যমে অভিহিত কৰিছিল “কেৰাচিন বিস্ফোৰণ” বুলি। ইফালে কেৰাচিন তেল এইদৰে দাউদাউকৈ জ্বলি উঠাৰ কাৰণৰ একো উৱাদিহ নাপাই জিলা প্ৰশাসনে ২০১১ চনৰ ১৯ জুলাইৰ পৰা সমগ্ৰ ধুবুৰী জিলাতেই কেৰাচিন তেল বিক্ৰীৰ ওপৰত সাময়িকভাবে নিষেধাজ্ঞা আৰোপ কৰিছিল। কেৰাচিন তেলৰ বিস্ফোৰণৰ এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত ইণ্ডিয়াল অ’য়েল কৰ্পোৰেছন (চমুকৈ আই.ও .চি.)ৰ এটি দল উপস্থিত হৈছিল ধুবুৰীত। দলটোৱে বিষ্ফোৰিত কেৰাচিন তেলৰ নমুনা সংগ্ৰহ কৰি ঢালিগাওঁৰ নিজা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল।ইপিনে সেই ঘটনা সংঘটিত আৰম্ভ হোৱাৰ কেইদিনমান পিছত ২২ জুলাইৰ দিনা ধুবুৰীত উপস্থিত হৈছিল ৰাজ্য চৰকাৰৰ তদানীন্তন খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ড৹ নজৰুল ইছলাম৷ মন্ত্ৰীগৰাকীয়ে কেৰাচিন তেল বিষ্ফোৰিত হৈ ধুবুৰীৰ ঝগৰাৰপাৰস্থ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰত হোৱা আহত সকলোৰ খা-খৱৰ লৈছিল। কেৰাচিন তেল বিষ্ফোৰিত হৈ নিহত হোৱা ধুবুৰীৰ স্থানীয় কেইবাটাও পৰিয়ালৰ গৃহৎ উপস্থিত হৈ সমৱেদনা জ্ঞাপন কৰিছিল আৰু ঘটনাটোৰআঁৰৰ দোষীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছিল তেওঁ। স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত দিয়া সাক্ষাৎকাৰত তদানীন্তন যোগানমন্ত্ৰী ইছলামে নিহত সকলৰ প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীৰ ত্ৰাণ সাহায্য পূঁজিৰ পৰা ১ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰিছিল। তাৰপিছত সিদিনাই অৰ্থ্যাৎ ২০১১ চনৰ ২২ জুলাইৰ দিনা ধুবুৰীৰ পৰা উভতি গৈ নিশা গুৱাহাটীত আয়েজিত এক সংৱাদমেল সম্বেধন কৰিছিল তেওঁ। সংবাদমেলখনত তদানীন্তন যেগানমন্ত্ৰী ড৹ নজৰুল ইছলামে কেৰাচিন বিষ্ফোৰণক ঘটনাৰ বাবে আই.ও.চি. জগৰীয়া বুলি স্পষ্ট অভিযোগ অনাৰ সমান্তৰালকৈ আই.ও.চি.ৰ বিৰূদ্ধে ভাৰতীয় ফৌজদাৰী আইনৰ ধাৰাত গোছৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া বুলি সদৰি কৰিছিল। সেই সংবাদমেলখনতেই কেৰাচিন বিস্ফোৰণৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব চি.আই.ডি.ৰ হাতত অৰ্পণ কৰা হোৱা বুলিও ঘোষণা কৰিছিল তেওঁ। ইফালে মন্ত্ৰীৰ সেই সংৱাদমেলখনৰ চাৰিদিন পিছত; অৰ্থাৎ ২০১১ চনৰ ২৬ জুলাইৰ দিনা আই.ও.চি.ৰ বঙাইগাওঁৰ ঢালিগাওঁস্থিত পৰীক্ষাগাৰে বিস্ফোৰিত কেৰাচিনৰ ৪৯টা নমুনাৰ ফলাফল প্ৰকাশ কৰিছিল৷ ধুবুৰীৰ আৱৰ্ত ভৱনত আয়োজিত এক সংৱাদ মেলত আই.ও.চি.ৰ তদনান্তীন মহাপ্ৰৱন্ধক প্ৰিয়ভাস দেই তেওঁলোকৰ পৰীক্ষাগাৰত বিস্ফোৰিত হোৱা কেৰাচিন তেল নিম্নমানৰ আৰু অধিকাংশ নমুনাত কেৰাচিন তেলৰ স্বাভাৱিক উতলাংকতকৈ অধিক উতলাংক থকা পোৱা যোৱা বুলি স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত দাৱী কৰিছিল৷ বিষয়াগৰাকীয়ে কেৰাচিন বিষ্ফোৰণৰ বাবে আই.ও.চি. দায়ী নহয় বুলিও উল্লেখ কৰিছিল আৰু ঘটনাটোৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলি দিছিল৷ এইদৰেই কেৰাচিন বিস্ফোৰণ ঘটনাক লৈ পৰস্পৰে পৰস্পৰক দোষাৰোপ দিয়া আৰম্ভ কৰিছিল আই.ও.চি. আৰু ৰাজ্য চৰকাৰৰ যোগান বিভাগে। ইয়াৰ মাজতে ধুবুৰী আৰক্ষীয়ে মহকুমাটোৰ ৫টা কেৰাচিন তেলৰ ডিপোৰ সঞ্চালকক (manager) গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও এমাহৰ ভিতৰতেই আটাই কেইগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন পাই মুকলি আকাশৰ তললৈ ওলাই আহিছিল। ইফালে পৰিতাপৰ কথা এয়াও যে সেই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ বৰ্তমানে প্ৰায় ১১ বছৰৰ উকলিবৰ হ’ল যদিও কেৰাচিন বিষ্ফেৰণত মৃত্যু হোৱা মৃতকৰ পৰিয়ালক ১ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ তদানীন্তন যোগানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপণ্ণ কৰি আজিলৈ সেই ধনৰাশিৰ সম্পূৰ্ণ ধন লাভ কৰিব সক্ষম হোৱা নাই কোনোৱে ৷ জানিব পৰা মতে, প্ৰথমাৱস্থাত কেৰাচিন বিষ্ফোৰণত মৃত্যু হোৱা মৃতকৰ একাংশ পৰিয়ালে ১০/১৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য পাইছিল যদিও বাকী ধনৰাশিৰ বাবে কেইবাবছৰো ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ তাত বাটি বাইছিল যদিও একো সুফল পোৱা নাছিল। ফলত বহু ভূক্তভোগী পৰিয়ালে বহু পূৰ্বেই চৰকাৰী সেই ক্ষতিপূৰণৰ ধন লাভ কৰাৰ আশা বাদ দিয়া বুলিয়েই প্ৰকাশ। কেৱল এয়াই নহয়; তদানীন্তন যোগান মন্ত্ৰীগৰাকীৰ ২০১১ চনৰ ২২ জুলাইৰ দিনা গুৱাহাটীৰ সংৱাদ মেলখনত ঘোষিত চি.আই.ডি.-ৰ সেই তদন্তৰ ফলাফল কি সেয়াও কিন্তু আজিলৈ পোহৰলৈ নাহিল। ফলত ১১টা সুদীৰ্ঘ বছৰৰ পিছতো কিন্তু ধুবুৰী কঁপোৱা সেই চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিন বিষ্ফোৰণৰ আঁৰৰ মূল কাৰণ কি আছিল সেয়াও উন্মেচিত ন’হল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী