নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ মেধিকুছিত ছিগা মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুন: সাম্প্ৰতিক বানত প্ৰভাৱিত জনসাধাৰণৰ দুখ-দুৰ্দশা লাঘৱ কৰাৰ অৰ্থে সহৃদয়তাৰে আৰু তৎপৰতাৰে কৰ্মযজ্ঞত নামি পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ আজি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত সৰলপাৰা নয়াপাৰাত পহুমাৰা নৈয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

মন কৰিবলগীয়া যে অঞ্চলটোৰ বিস্তৃত ঠাইত বহু আৱাসীৰ চৌহদৰ মাজেৰে এতিয়াও তীব্ৰ সোঁত বৈ আছে ৷ এনে অঞ্চলসমূহ আজি খোজকাঢ়ি পৰিদৰ্শন কৰি জনসাধাৰণৰ দুখ-কষ্টৰ সমভাগী হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ এই বানত যিসকল লোক প্ৰভাৱিত হৈছে তেওঁলোকলৈ যিমানদূৰ সম্ভৱ চৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ এখন তালিকা প্ৰশাসনে প্ৰস্তুত কৰিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি মন্তব্য কৰে।

উল্লেখ্য যে আজিৰ এই পৰিদৰ্শনকালত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ, জিলা উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মা উপস্থিত থাকে৷

You might also like