নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চচাইটি ফ’ৰ উৎসাহ প্ৰদাকচন (উৎসাহ)ৰ উদ্যোগত পানী আৰু আৰ্থিক সাহাৰ্য্য প্ৰদান

নিয়মীয়া বাৰ্তা, ২৮ জুন: নতুনকৈ গঠন হোৱা NGO SOCIETY FOR UTSAAH PRODUCTION ( UTSAAH) ৰ উদ্যোগত ২৭- ০৬-২০২২ তৰিখে বানপীড়িত সলপাম আৰু কুৰুৱাৰ কিছু অঞ্চলৰ ৰাইজৰ মাজত ১০০০ লিটাৰ পানী বিতৰণ কৰা হয়। শেহতীয়া বানে জুৰুলা কৰি পেলোৱা স’লপাম গাঁৱৰ ৰাইজ পানীৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ আছে লগতে অন্য কিছু সা-সামগ্ৰীৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে। NGO টোৱে গাঁওখনৰ দক্ষিণচুবাৰ দুগ্ধৰাম নাথৰ পৰিয়ালটোক এক আৰ্থিক সাহাৰ্য্যও প্ৰদান কৰে আৰু আগলৈও ৰাইজৰ সতে কাম কিছু কৰি যোৱাৰ আশ্বাস দিয়ে । অন্যহাতে কুৰুৱাৰ কিছু বানে জুৰুলা কৰা বানপিড়িতকো পানী যোগান ধৰে সংস্থাটোৱে।

You might also like