নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ বানপীড়িত অঞ্চল বগৰীবাৰীত শিল্পী সমাজৰ বান সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা, ২৮ জুন: আজি ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শনৰ লগতে আছুৰ বান সাহাৰ্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ সভাপতি দীপাংক নাথে। সভাপতি নাথে বান সাহায্য আত্মসাৎ কৰা লোকক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে । লগতে এনে লোকক গোটেই ব্যৱস্থাটোৰ পৰা আঁতৰাই ৰখাৰ দাবী তোলে । সম্প্ৰতি প্ৰায়বোৰ ঠাইতে পানী নিষ্কাশনৰ পথ নাই বাবেই ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দলংবোৰেৰে বৰ্তমান পানী নিষ্কাশন নোহোৱাত কৃত্ৰিম বানপানীও বৃদ্ধি পোৱা বুলি সভাপতিগৰাকীয়ে দোহাৰে । এইক্ষেত্ৰত চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় । শিল্পী সমাজৰ সৈতে বগৰীবাৰীত বান সাহাৰ্য্য বিতৰণৰ সময়ত আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্র দাস, কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাস, সাধাৰণ সম্পাদক পংকজ কলিতা, সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান, ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ জিতু ডেকা, বুবুল আলী, জয়ন্ত শৰ্মা, মৃন্ময় কুমাৰ ডেকাৰ লগতে শিল্পী সমাজৰ চন্দন দাস, প্ৰাঞ্জল পৰশ, ৰূপম শৰ্মা আদি উপস্থিত থাকে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like