নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বান পৰিস্থিতি অধ্যয়ন

নিয়মীয়া বার্তা, ২৮ জুন:- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি অসম চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই হোজাইত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় । আজি সন্ধিয়া হোজাইৰ যমুনামুখৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমন কৰে ৷ মন্ত্ৰী গৰাকীয়ে সৰুপথাৰ পৰা যমুনামুখ লৈ যোৱা বিধস্থ গড়কপ্তানী পথচোৱাৰে যমুনামুখলৈ গৈ বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৷ পাছত তেওঁ বানত তল যোৱা যমুনামুখ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসলয় পৰিভ্ৰমন কৰে ৷ পাছত তেওঁ যমুনাগুৰি,যমুনা নৈৰ পাৰৰ আৰু কহাৰগাৱৰ কপিলী নৈৰ পাৰৰ বানত ভগা মাথাউৰি পৰিদৰ্শন কৰি বুজ লয় ৷ অতিশীধ্ৰে যমুনামুখৰ লগতে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ অভাৱ অভিযোগ সমূহ নিৰুপনৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে যমুনামুখ সমষ্টিত দুবাৰকৈ হোৱা প্ৰলংকাৰী বনত হোৱ ক্ষতি গ্ৰস্থ লোকক অতি শীঘ্ৰে ক্ষতি পূৰণ দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৷ ইফালে যমুনামুখ ক্ষুদ্ৰ চিকিৎসায়ৰ এগৰাকী অস্থায়ী কৰ্মীয়ে নিজৰ চকৰি নিয়মীয়াকৰনৰ বাবে মন্ত্ৰীৰ ভৰিত ধৰি প্ৰাৰ্থনা কৰা আৰু এগৰাকী মহিলাই যমুনাগুৰিৰ মাথাউৰিটো পুনঃ নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ কান্দি কান্দি কোৱাক লৈ বিশেষ তাতপৰ্য্য বহন কৰিছে ৷ ইফালে যমুনামুখ সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি হোজাই জিলা আমছুৱে মন্ত্ৰী গৰাকীক এখন স্মাৰক পত্ৰওঁ প্ৰদান কৰে ৷ যমুনামুখৰ বিভিন্ন অঞ্চল পৰিভ্ৰমন কৰাৰ পাছত তেওঁ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত উপায়ুক্তৰ কাৰ্য্যালয়ত বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ লগত এখন আলোচনা সভাতো মিলিত হব ৷ অহা ১০ জুলাইৰ ভিতৰত বানত ক্ষতিগ্ৰস্থ লোক সকলক ক্ষতিপূৰন দিয়াৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰী জনে ৷

প্ৰেৰক : কিশলয় ডি গোস্বামী

You might also like