নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও-কোকৰাঝাৰ সংযোগী পথৰ মাজত বৃহৎ গাঁত

নিয়মীয়া বাৰ্তা, ২৯ জুন : বাসুগাঁও-কোকৰাঝাৰ সংযোগী বিপিন দৈমাৰী পথৰ মাজত বাৰাগড় নামে ঠাইত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত আজি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ জনায় । অতি গুৰুত্বপূৰ্ণ গড়কাপ্টানী পথৰ ওপৰেৰে দৈনিক শ শ যান-বাহন আহ-যাহ কৰে । ইয়াৰোপৰি বৃহৎ বৃহৎ আকাৰৰ এন টি পি চিৰ চাই কঢ়িওৱা ট্ৰাক সমূহ অবাধ গতিত উক্ত পথেৰে আহ-যাহ কঢ়ি থকাত ভুতৰ ওপৰত দানৱ পৰাদি পথছোৱা বিধ্বস্ত কৰি পেলায় । মেৰামতিৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত জাঙুৰ খাই উঠে স্থানীয় ৰাইজে । অতিষ্ঠ স্থানীয় ৰাইজ আজি সমবেত হৈ এন টি পি চিৰ ছাই কঢ়িওৱা ট্ৰাক সমূহ আজি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ য্যোগ্যযে পথৰ মাজত ঠায়ে ঠায়ে সৃষ্টি হোৱা বৃহৎ গাঁত সমূহ মেৰামতিৰ ব্যৱস্থা নকৰিলে যিকোনো মূহুৰ্তত দূৰ্ঘটনা হোৱাৰ সম্ভাৱনাই অধিক । পথছোৱা মেৰামতি কৰি যাতায়ত সুগম কৰি তুলিবলৈ ৰাইজে আহ্বান জনায় । ইয়াৰ অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে । ইফালে বাসুগাঁৱৰ পৰা কাশীকোত্ৰালৈ যোৱা পথছোৱা ঠায়ে ঠায়ে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত যান-বাহন চলাচল কৰোঁতে যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । এনে পথৰ বাবে যান-বাহন সততে বিকল হোৱাৰ লগতে সততে দূৰ্ঘটনা সংঘটিত হৈ আহিছে । চৰকাৰ-কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিব বুলি পথচাৰী ৰাইজে আশা প্ৰকাশ কৰে ।
প্ৰেৰক ভৃগু মুনি ৰায়

You might also like