নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী অমল পাল নিৰুদ্দেশঃ ব্যাপক চাঞ্চল্য

বিশেষ বাৰ্তা, ১জুনঃ ডিব্ৰুগড়ৰ এজন বিশিষ্ট ব্যৱসায়ী হঠাত ৰহস্যজনকভাবে নিৰুদ্দেশ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ কেপি ৰোডৰ ব্যৱসায়ী অমল পালৰ মটৰচাইকেলখন নিশা বগীবিল দলঙৰ উপৰত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য আৰু ভীষণ উৎকন্ঠা হৈছে ডিব্ৰুগড়ত।বগীবিল দলংৰ পৰা জপিয়াই আত্মহত্যাৰ সন্দেহ কৰা হৈছে।ইতিমধ্যেই এনডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।জানিব পৰা মতে ডিব্ৰুগড়ৰ কেপি ৰোড নিবাসী তথা ব্যৱসায়ী অমল পাল কালিৰে পৰা নিৰুদ্দেশ হৈ আছে।ব্যৱসায়ী অমল পালৰ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে পুৱা ১১বজাত বেংকলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।ইয়াৰ পাছতেই পুৱা প্ৰায় ১১:৩০ বজাৰ পৰা পত্নী আৰু পৰিয়ালৰ লোকে বাৰে বাৰে ফোনত যোগাযোগ কৰিব বিচাৰিছিল যদিও ফোন ৰিচিভ কৰা নাছিল অমল পালে তাৰ পাছতেই বিয়লি বন্ধ হৈ পৰে অমল পালৰ ফোন।দিনৰ পৰাই অমল পালৰ কোনো খবৰ নোপোৱাত নিশা পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দিয়ে।ইয়াৰ পাছতেই আৰ্শ্বযজনকভাবে কালি নিশা প্ৰায় ১১বজাত  অমল পালৰ মটৰচাইকেলখন উদ্ধাৰ হয় বগীবিল দলঙৰ ওপৰত।দলঙখনৰ ৩৩নম্বৰ খুটাৰ সমীপত এএচ ০৬ এফ ৮২০০ নম্বৰৰ বাইকখনৰ চাবি, হেলমেত সহ ষ্টেন্ড কৰা অবস্থাত ধেমাজি আৰক্ষীয়ে উদ্ধাৰ কৰে  অমল পালৰ মটৰচাইকেল খন।বগীবিল দলঙৰ চিচি টিভি কেমেৰাত আবদ্ধ হৈ আছে অমল পালে নিজৰ মটৰ চাইকেলেৰে অকলে বগীবিল দলঙলৈ যোৱাৰ দৃশ্য।ইফালে পৰিয়ালৰ লোকে জনোৱা অনুসৰি কোনো ধৰণৰ পাৰিবাৰিক অথবা ব্যৱসায়িক সংঘাট নাছিল অমল পালৰ। ৰহস্যৰ মাজত সোমাই পৰা এই চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে।

প্ৰেৰক বিভাস দুৱৰা

You might also like