নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কামৰূপৰ পালেপাৰ-বাৰাংহাটীত কঠীয়া সিঁচা পৰ্ব বিজেপিৰ কৃষক মৰ্চাৰ

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ পথাৰ সেউজীয়া কৰা সময় এতিয়া। কিন্তু ঠায়ে ঠায়ে বানৰ প্ৰভাৱ। ঠায়ে ঠায়ে বান-পৰৱৰ্তী পথাৰ বালিময় হৈ পৰিছে নদীয়ে ছিগা অংশত। তথাপি চহা অসমীয়া পথাৰ সেউজীয়া কৰি সোণোৱালী কৰাৰ সপোন দেখে এই সময়খিনিতে। সেই হেতু বান প্ৰকোপ সামান্য কমাৰ পিছতে পথাৰত নামি পৰিছে কৃষকসকল। এই কঠীয়া সিঁচাৰ সময়কণতে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাই আজি উত্তৰ কামৰূপৰ পালেপাৰ আৰু বাৰাংহাটীৰ মধ্যস্তৰৰ মাজেচোপাত সামূহিক কঠীয়া সিঁচা পৰ্ব অনুষ্ঠিত কৰে । অনুষ্ঠানত ৰাজ্যিক বিজেপি কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য, ৰাজেন্দ্ৰ নাথ, ৰাজ্যিক সাধাৰণ সম্পাদক নিবাৰন লহকৰ, ৰাজ্যিক সম্পাদক মাধৱ বৈশ্য, স্থানীয় কৃষি বিষয়া স্মিতা শৰ্মা, ৰাজ্যিক কৃষক মৰ্চাৰ সদস্য হৃষীকেশ কলিতা, মনোজ দাস, উত্তৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক গৌতম কলিতা, উত্তৰ কামৰূপ জিলাৰ কৃষক মৰ্চাৰ জিলা সভাপতি ৰাজীৱ শৰ্মা, উত্তৰ হাজো মণ্ডল কৃষক মৰ্চাৰ সভাপতি উদয় কলিতা, জালুকবাৰী সমষ্টিৰ ভালেমান যুৱক আৰু স্থানীয় গ্ৰামসেৱককে আদি কৰি ভালেমান স্থানীয় ৰাইজ তথা কৃষকসকল উপস্থিত থাকে ।

You might also like