নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামী বিবেকানন্দৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতো ধুবুৰীত উপেক্ষিত মনীষীগৰাকী

ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটৰ সমীপৰ এটা ৰাজহুৱা উদ্যানৰ  প্ৰতিমূৰ্তিত এপাহি ফুলেৰ্ শ্ৰদ্ধা জনাবলৈ আহৰি নেপালে কোনোৱে

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ আজি স্বামী বিবেকানন্দৰ মৃত্যুবাৰ্ষিকী। ১৯০২ চনৰ আজিৰ দিনটোতে অন্য এক ধামলৈ যাত্ৰা কৰিছিল বিশ্ব প্ৰসিদ্ধ এই মনীষীগৰাকীয়ে। পিছে আজিৰ এই মৃত্যুবাৰ্ষিকীৰ দিনটোতো ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নেতাই ধুবুনী ঘাটৰ সমীপৰ এটা ৰাজহুৱা উদ্যানত থকা তেখেতৰ প্ৰতিমূৰ্তিটো দুপৰীয়ালৈকে উপেক্ষাৰ পাত্ৰ হৈ থকাহে পৰিলক্ষিত হয়। স্থানীয় কোনো ব্যক্তি অথৱা দল–সংগঠনৰ কোনোৱে আহৰি নাপালে এপাহ ফুলেৰে শ্ৰদ্ধা জনাবলৈ সেই মহান মনীষীগৰাকীক।

You might also like