নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও শোধনাগাৰত ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধকৰ বিনামূলীয়া শিবিৰ

নিয়মীয়া বাৰ্তা,৪ জুলাইঃ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই। ইয়াৰে অংশ হিচাপে চিৰাং জিলা স্বাস্থ্য বিভাগৰ  সহযোগত শোধনাগাৰ চিকিৎসালয়ে  কৰ্মচাৰী সকলৰ লগতে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল সকলৰ লগতে শোধনাগাৰটোৰ নিকটৱৰ্তী অঞ্চলৰ উপযুক্ত লোকসকলৰ বাবে ক’ভিড-১৯  ভেকচিনৰ তৃতীয় পালিৰ  বাবে চাৰিদিনীয়া বিনামূলীয়া প্ৰতিষেধক শিবিৰ মুকলি কৰিছে। যোৱা ১ জুলাইত বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সংঘৰ  প্ৰেক্ষাগৃহত জিলা স্বাস্থ্য বিষয়া ডাঃ ৰাজু দাস আৰু ডাঃ সনাতন দাসৰ লগতে বি জি আৰৰ মুখ্য প্ৰৱন্ধক ( স্বাস্থ্য, সুৰক্ষা আৰু মেডিকেল) ডাঃ ৰূপম তালুকদাৰ আৰু জ্যেষ্ঠ চিকিৎসক ডাঃ চিন্ময় দত্তৰ উপস্থিতিত শিবিৰ উদ্বোধন কৰে বি জি আৰৰ মহাপ্ৰৱন্ধক( মানৱ সম্পদ) চন্দ্ৰিমা শৰ্মাই। । টিকাকৰণ শিবিৰত সকলো যোগ্য অংশীদাৰক ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনৰ  তৃতীয় বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব।  বঙাইগাঁও শোধনাগাৰে চিৰাং জিলা স্বাস্থ্য  বিভাগৰ  সহযোগত আয়োজন কৰা এই প্ৰতিষেধক শিবিৰৰ মূল লক্ষ্য হৈছে ক’ভিড-১৯ৰ  বিৰুদ্ধে যুদ্ধ চলোৱাৰ প্ৰয়াসত ওচৰৰ জনসাধাৰণক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা। কাইলৈকে চলিবলগীয়া বিনামূলীয়া প্ৰতিষেধক শিবিৰৰ জৰিয়তে সুবিধা গ্ৰহণ কৰিবলৈ যোগ্য স্থানীয় ৰাইজক শোধনাগাৰ কৰ্তৃপক্ষই আহ্বান জনাইছে।।

প্ৰেৰক: বিপুল কুমাৰ দাস

You might also like