এজাক প্ৰচণ্ড বতাহ–বৰষুণত বুৰিল ধুবুৰীৰ বৰ লুইতৰ পাৰঘাট এটাত ৰৈ থকা মালবাহী নাওঁ
নিয়মীয়া বাৰ্তা, ২৩ জুলাই: আজি দুপৰীয়াৰ ফালে অহা এজাক প্ৰচণ্ড বতাহ আৰু বৰষুণত ধুবুৰীৰ বৰ লুইতৰ পাৰঘাট এটাত ৰৈ থকা এখন মালবাহী নাওঁ বুৰ যোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, প্ৰচণ্ড বতাহত লুইতৰ ঢৌৰ পানী উপচি নাওঁখনত পৰাৰ বাবেই সেইখন বুৰ যায়। ধুবুৰী চহৰৰ পঞ্চুঘাট নামৰ পাৰঘাটত বুৰ যোৱা সেই মালবাহী নাওঁখনত কেইবালাখ টকাৰ সামগ্ৰী থকা বুলি প্ৰকাশ। ধুবুৰীৰ পৰা বিভিন্ন সামগ্ৰী লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীলৈ যোৱাৰ কথা আছিল সেইখনৰ। সৌভাগ্যক্ৰমে আজিৰ সেই ঘটনাটোত নাওঁখনৰ নাওঁৰীয়াকে ধৰি কোনো লোকৰ হানি–বিঘিনি ঘটা নাই বুলিয়েই জানিব পৰা গৈছে। ইয়াতে উল্লেখনীয় যে, বিভাগীয় নিয়ম–নীতিক জলাঞ্জলি দি ধুবুৰীৰ বৰ লুইতত লেচি নিয়ন্ত্ৰিত একাংশ যাত্ৰীবাহী ইঞ্জিন চালিত নাওঁ (ভূটভূটি)কে ধৰি মালবাহী ভূটভূটী একাংশও নিজৰ বহন ক্ষমতাতকৈ অধিক যাত্ৰী আৰু সামগ্ৰীলৈ চলাচল কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।
প্ৰেৰক: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী