নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক কিশোৰীক সুস্থ কৰিলে ভাৰতীয় চিকিৎসকে

নিয়মীয়া বাৰ্তা, ২৬জুলাই: মাত্র ১০ মাহ বয়সতে এটি পাকিস্তানী কন্যা শিশুৰ জীৱনলৈ নামি আহে অন্ধকাৰ৷ ১০ মাহ বয়সতে ভয়ংকৰ পথ দুর্ঘটনাত এই কন্যা শিশুটিৰ কান্ধৰ পৰা ৯০ ডিগ্রী বেঁকা হৈ যায় ডিঙিটো৷ এনেদৰে ১২ বছৰ অতিক্রম কৰিছে৷ অন্য শিশুৰ দৰে স্কুললৈ যোৱা বা খেলা–ধূলা কৰা কোনো কামেই সম্ভৱ হোৱা নাই আফছিনৰ বাবে৷ পাকিস্তানৰ সিন্ধ অঞ্চলৰ বাসিন্দা এই কণমানি আফছিন৷ যিমানে আফছিনৰ বয়স বাঢ়ি আহিছে সিমানেই দুখ–যন্ত্রণাও বাঢ়িছে৷ ইয়াৰ সমান্তৰালকৈ চেৰিব্রেল পালছিত আক্রান্ত হয় কিশোৰীজনী৷ বিৰল এই ৰোগত চিকিৎসাৰ খৰচো যথেষ্ট বেছি৷

আফছিনৰ পৰিয়ালৰ এই খৰচ বহন কৰিব পৰা ক্ষমতা নাই৷ ইয়াৰ পিছতে ঘটিল এক আশ্চর্যকৰ ঘটনা৷ যোৱা মার্চ মাহত পাক সীমান্তত উপস্থিত হয় ভাৰতীয় চিকিৎসক ৰাজাগোপাল কৃষ্ণন৷ চিকিৎসকগৰাকীৰ নজৰত পৰে আফছিন৷ ইয়াৰ পিছতে বিনামূলীয়াকৈ আফছিনক চিকিৎসা প্রদানৰ দায়িত্ব লয় কৃষ্ণনে৷ কৃষ্ণনৰ উদ্যোগতেই দিল্লীৰ এপল’ হাস্পতালত অস্ত্রোপচাৰ কৰা হয় আফছিনৰ৷ এতিয়া সম্পূর্ণ সুস্থ এই কিশোৰীজনী৷ আফছিন তথা পৰিয়ালৰ সদস্যসকলৰ মুখত হাঁহি বিৰিঙাই নিজেও সন্তুষ্ট চিকিৎসক কৃষ্ণন৷

You might also like