নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত আজিৰে পৰা কোচ ৰাজবংশী নৃত্য-গীতৰ কৰ্মশালাৰ আৰম্ভণি

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত কোচ ৰাজবংশী ফ’ক কালচাৰেল একাডেমীৰ উদ্যোগত আজিৰে পৰা পাঁচ দিনীয়া কোচৰাজবংশী লোক গীত আৰু গোৱালিনী নৃত্যৰ কৰ্মশালা আৰম্ভ হয়। গোৱালিনী নৃত্যৰ প্ৰশিক্ষক হিচাপে থাকে ভুৱন চন্দ্ৰ ৰায় কুষাণী আৰু সহযোগি প্ৰশিক্ষকৰ দায়িত্বত থাকে মাকনি ৰায়। আনহাতে গীতৰ প্ৰশিক্ষকৰ দায়িত্বত থাকে বাবলু চন্দ্ৰ ৰায় আৰু সহযোগি প্ৰশিক্ষক হিচাপে থাকে মায়া ৰাণী ৰায়। কৰ্মশালা পৰিচালনা কৰে একাডেমীৰ সভাপতি প্ৰবীৰ কুমাৰ সৰকাৰ সাধাৰণ সম্পাদক অনুকুল চন্দ্ৰ ৰায়কে ধৰি বাকী কৰ্মকৰ্তা সকল। কৰ্মশালা ৩০ জুলাই লৈ চলিব । ৩১ জুলাইত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি একাডেমীৰ মুখ্য প্ৰচাৰ সম্পাদক প্ৰদীপ কুমাৰ সেনে জানিবলৈ দিয়ে।

প্রেৰক শ্যামল চন্দ্ৰ ৰায়

You might also like