নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৌলবাদী সংগঠন মাল্টাৰ সহযোগতেই অসমসহ উত্তৰ-পূৰ্বাঞ্চলত বাংলাদেশী মৌলবাদী শক্তিৰ সাংগঠনিক তৎপৰতা অব্যাহতৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ শেহতীয়াকৈ অসম আৰক্ষীৰ অনুসন্ধানত আনছাৰউল্লাহ বাংলা টিম (চমুকৈ এবিটি)কে ধৰি বাংলাদেশত সক্ৰিয় কেইবাটাও জেহাদী গোটে অসমত স্লিপাৰ চেল গঢ়াৰ প্ৰয়াস অব্যাহত ৰখাৰ বিষয়টো পোহৰলৈ আহিছে। ইপিনে যোৱা দেওবাৰৰ দিনা বাংগালুৰৰ তিলক নগৰৰ পৰা চেন্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চ (চিচুবি)ৰ এটা দলে কুখ্যাত জেহাদী সংগঠন আল–কায়দাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আখতাৰ হুছেইন সমৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে। আখতাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা সোমবাৰে চিচিবিয়ে তামিলনাডুৰ চালেমত অসমৰ আন এগৰাকী ব্যক্তিক শোধপোছ কৰাৰো এক ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতেই আকৌ এসময়ত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ কেতবোৰ অঞ্চলত খোপনি পুতা এটা বিশেষ মৌলবাদী সংগঠন বৰ্তমানেও সক্ৰিয় হৈ আছে নে নাই সেই প্ৰশ্নও উচ্চাৰিত হ’বলৈ লোৱা পোৱা গৈছে। উল্লেখ্য যে, পাকিস্তানৰ চোৰাংচোৱা গোষ্ঠী আই.এছ.আই.ৰ সহযোগত ১৯৯৩ চনৰ আগষ্ট মাহত নামনি অসমৰ এক অজ্ঞাত স্থানত জন্ম হৈছিল “মুছলিম ইউনাইটেড লিবাৰেছন টাইগাৰছ অৱ আছাম” (চমুকৈ মাল্টা-MULTA) নামৰ এটা মৌলবাদী গোষ্ঠীৰ। প্ৰথমাৱস্থাত ধনদাৱী আৰু অপহৰণেৰে আত্মপ্ৰকাশ কৰা এই মৌলবাদী সংগঠনটোৱে পিছলৈ গৈ বাংলাদেশৰ জেহাদী গোষ্ঠী এবিটি আৰু জামায়ত–ঊল মুজাহিদীন (জেএমবি)ৰ অনুৰূপে ‘ উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ অংশ সামৰি এক বৃহত্তৰ ইছলামিক ৰাষ্ট্ৰ গঠন কৰাৰ লক্ষ্য বান্ধি লৈছিল। একাংশ ভূৰখা মহলৰ সন্দেহ অনুসৰি, এসময়ত ধুবুৰীকে ধৰি নগাওঁ, মৰিগাওঁ আৰু দৰং জিলাৰ একাংশ দূৰ্গম অঞ্চলত সাংগঠনিক ভেটি গঢ়ি তুলিবলৈ সক্ষম হোৱা ‘মাল্টা’ৰ কিছু সদস্য এতিয়াও সেই অঞ্চলবোৰৰ কেতবোৰ অংশত ‘‘স্লিপাৰ চেল’’ৰূপে সক্ৰিয় হৈ আছে। উল্লেখ্য যে, ২০০০ চনৰ ২০ এপ্ৰিলৰ দিনা সেনাৰ “ৰেড হৰ্ন ডিভিছন”ৰ সৈতে এন.ডি.এফ.বি.-ৰ এটা গোটৰ সৈতে হোৱা এক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাই এন.ডি.এফ.বি. আৰু “মাল্টা”ৰ সম্পৰ্কৰ কথা উন্মোচিত কৰিছিল। সিদিনাৰ সংঘৰ্ষত নিহত হোৱা এন.ডি.এফ.বি.ৰ সদস্যৰ উপৰিও নিহত হোৱা বাবুল আলী আৰু ইউনুছ আলী নামৰ ব্যক্তি দুগৰাকী “মাল্টা”ৰ সক্ৰিয় সদস্য বুলি পিছত পোহৰলৈ আহিছিল৷ আনকি কেইবা বছৰ পূৰ্বে বিটিএডিত সংঘটিক হোৱা গোষ্ঠী সংঘৰ্ষৰ ঘটনাবোৰৰ অন্তৰালত ‘‘মাল্টা’’ই অনুঘোটকৰ কাম কৰিছিল নেকি বুলিও এক প্ৰশ্ন উত্থাপিত হৈছিল। ইয়াতে উল্লেখনীয় যে, ২০২১ চনৰ ২১ এপ্ৰিলৰ নিশা গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ গৌৰীপুৰৰ লালকুৰা প্ৰথম খণ্ড গাওঁৰ মজিবৰ ৰহমান নামৰ ব্যক্তি এজনৰ গৃহত অভিযান চলাই চাৰিটাকৈ হস্তনিৰ্মিত পিস্তলকে ধৰি ১লাখ টকা ২ হাজাৰ নকল ভাৰতীয় টকা উদ্ধাৰ কৰিছিল। মজিবৰক শোধপোচ কৰাৰ অন্তত পোৱা স্বীকাৰোক্তিৰ ভিত্তিত কেইদিন মান পিছত আৰক্ষীয়ে তেখেতৰ ভাতৃ ফয়জাৰ আলীকো গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ তদন্তত দুয়ো বাংলাদেশী জেহাদী গোষ্ঠী জেএমবিৰ পৰা ফালৰি কাটি আহি গঠন হোৱা নিঅ’ জেএমবিৰ সদস্য বুলি উন্মেচিত হোৱাৰ সমান্তৰালকৈ ধৃতদ্বয়ৰ এগৰাকী প্ৰাক্তন মাল্টা সদস্য বুলিও পোহৰলৈ আহিছিল। এই ঘটনাই এবিটি, জেএমবিকে আদি বাংলাদেশী জেহাদী গোষ্ঠীসমূহকে ধৰি ২০১৪ চনত গঠন হোৱা এ.কিউ.আই.এচ.(অ’ল–কায়দা ইন ইণ্ডিয়ান চাবকন্টিনেন্টৰ)ৰ দৰে একাংশ মৌলবাদী শক্তিৰ হৈ ‘‘মাল্টা’ৰ কিছু প্ৰাক্তন সদস্যই সংগোপনে কাম কৰি আছে নেকি বুলি এক প্ৰশ্নৰ জন্ম দিছিল। সমান্তৰালকৈ মাল্টা’ৰ শ্লিপাৰ চেলৰ জৰিয়তেই অসম তথা উত্তৰ–পূৰ্বাঞ্চলত খোপনি পোতাৰ বাবে বাংলাদেশী জেহাদী গোষ্টীবোৰে প্ৰয়াস অব্যাহত ৰখাৰো সন্দেহ ঘনীভূত হৈছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like