নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ত আৰ্টিগাসহ আগ্নেয়াস্ত্ৰ উদ্ধাৰঃ আটকাধীন তিনিজনক বোকাখাত থানাত জেৰা

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত গোলাঘাট সদৰ আৰু বোকাখাত আৰক্ষীৰ যৌথ সহযোগত চলোৱা অভিযানত আৰক্ষীয়ে লাভ কৰিছে বিশেষ সফলতা৷ চোৰাংচোৱাৰ বিশেষ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অতৰ্কিত অভিযান চলাই এখন বিলাসী আৰ্টিগা গাড়ীৰ পৰা জব্দ কৰিছে এটা পইণ্ট ২২ পিষ্টল আৰু মেগজিনসহ দুই ৰাউণ্ড সক্ৰিয় গুলী৷ আৰক্ষীয়ে গুৱাহাটীৰ পঞ্জীয়ন নম্বৰৰ এএছ-০১ইডি-৮১১৯ গাড়ীখনো জব্দ কৰাৰ লগতে গাড়ীখনত থকা তিনিজন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে৷ লোককেইজন গোলাঘাট জিলাৰ দেৰগাঁৱৰ দ্বীপ কুমাৰ চোমানী, দেবাশীষ ধৰ আৰু মেৰাফ আলী বুলি জানিব পৰা গৈছে৷ উল্লেখ কৰিব পাৰি যে গোলাঘাটৰ বিভিন্ন অঞ্চলত কাঠ আৰু বালি মাফিয়াৰ অপৰাধী চক্ৰটোৱে বনজ সম্পদৰ চোৰাং ব্যৱসায়ৰ লগতে চোৰাং আগ্নেয়াস্ত্ৰৰো সাম্ৰাজ্য গঢ়ি তোলা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি অহাৰ সময়তে পিষ্টল উদ্ধাৰৰ ঘটনাই এতিয়াও পোহৰলৈ নহা আন বহু দিশৰ ইংগিত বহন কৰিছে কৰিছে৷

প্ৰেৰক অৰ্ণৱ শইকীয়া

You might also like