অসম যুৱ অলিম্পিকত নাহৰকটীয়া মহাবিদ্যালয়ৰ দীপশিখা আৰু ৰশ্মিৰ পদক দখল
নিয়মীয়া বাৰ্তা, ২৭ জুলাই: গুৱাহাটীত অনুষ্ঠিত অসম যুৱ অলিম্পিকত নাহৰকটীয়া টাইকোৱানডো ট্ৰেইনিং চেণ্টাৰৰ খেলুৱৈসকলে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত নাহৰকটীয়া টাইকোৱানডো ট্ৰেইনিং চেণ্টাৰৰ কামৰূপ আৰু লখিমপুৰ জিলাৰ হৈ মুঠ ৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে লখিমপুৰ জিলাৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তৃনাশ্ৰী হাজৰিকাই ৬৮ কিলোগ্ৰাম অনুর্ধ শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে জিলাখনৰ হৈ খেলা দীপশিখা গগৈয়ে ৪৯ কিলোগ্ৰাম অনুর্ধ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় । আনহাতে কামৰূপ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰা ৰশ্মি মুৰাই ৪৬ কিলোগ্ৰাম অনুর্ধ শাখাত ৰূপৰ পদক লাভ কৰাৰ লগতে জ্যোতিৰ্ময় চেংলাৰীয়ে জিলাখনৰ হৈ ৫১ কিলোগ্ৰাম অনুর্ধ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ক্ষীৰোদ সোনোৱাল, দীপু সোণোৱাল আৰু দীপমাইনা দাসে প্ৰশিক্ষণ প্ৰদান কৰা চেণ্টাৰ টোৰ লগতে নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰী দীপশিখা গগৈ আৰু ৰশ্মি মুৰাৰ এই সফলতাই স্বাভাৱিকতে অঞ্চলটোত আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা