নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ধুবুৰীস্থ জিলা পৰিষদৰ প্ৰেক্ষা কক্ষত আজিৰ দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু তিথিৰ দিনটো ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰা হয়৷ দেশৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনানীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত আৰম্ভ হয় এখন বিশেষ সভা। ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সেই সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই ‘স্বাধীনতা সংগ্ৰামী আৰু অসম হিতৈষী তৰুণৰাম ফুকন’ শীৰ্ষক বিষয়’ৰ ওপৰত দিয়া বক্তৃতাই উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। আজিৰ সভাখনত কেইবাগৰাকী সাংবাদিককে ধৰি স্থানীয় কেইবাগৰাকী মান্যগণ্য ব্যক্তি উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী