নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ভোলানাথ মহাবিদ্যালয়ৰ আজিৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱসটো দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয়। পুৱা ৯ বজাত ধেমাজিৰ নাৰকীয় শিশু হত্যাকাণ্ডৰ বাবে পতাকা অৰ্ধনমিত কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়। ৯.৩০ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা মুকলি সভাৰ আৰম্ভণিতে অগ্নি স্তোত্ৰ পাঠ কৰে সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মৌচুমী ভট্টাচাৰ্য্যই। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই আত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড৹ সুস্মিতা সেনগুপ্তাৰ তত্ত্বাৱধানত বিশিষ্ট শিল্পী লোকনাথ গোস্বামীৰ কথা-সুৰেৰে নিৰ্মিত মহাবিদ্যালয় সংগীত সমূহীয়াভাবে পৰিবেশন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ আব্দুল মতলেব মণ্ডল আৰু পৰিসংখ্যা বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ড৹ ব্ৰজেন্দ্ৰ কান্ত শৰ্মাই। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ দ্বাৰা সময়ে সময়ে প্ৰকাশ পোৱা গৱেষণাধৰ্মী প্ৰবন্ধৰ সংকলন ‘স্পেকটাম’ উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু সন্মানীয় অতিথিদ্বয়ে। উন্মোচন আৰু অধ্যাপক অধ্যাপিকাক সম্বৰ্ধনা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড৹ হিতেন শৰ্মাই। আজিৰ সেই সভাখনতেই কৃতিমান–ধৃতিমান ছাত্ৰ–ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ ল’গতে বিভিন্ন কোষৰ উৎকৃষ্ট মানৰ কামৰ বাবে সমন্বয়ক ড৹ ছেমুৱেল শ্বেখ আৰু সুমিত পালক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অন্তত জাতীয় সংগীত পৰিবশনেৰে আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ সামৰণি পৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী