নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌন্দৰ্যবৰ্ধনৰ নামত এখোজঃ মৰিয়নিত কিংশুক উদ্যান মুকলি পৌৰসভাৰ

বিশেষ বাৰ্তা, ১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া অৰ্থাৎ ১৪ আগষ্টৰ সন্ধিয়া মৰিয়নি নগৰৰ থানা তিনি আলিত অৱস্থিত কিংশুক উদ্যানখন মৰিয়নি পৌৰসভাই আনুষ্ঠানিকভাৱে মুকলি কৰে। মৰিয়নি পৌৰ সভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া আৰু উপ- পৌৰপতি প্ৰদীপ দাসে ফিটা কাটি উদ্যানখন মুকলি কৰে। সেই উপলক্ষ্যে অনুষ্ঠিত এক চমু অনুষ্ঠানত পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই নগৰৰ মাজমজিয়াত অৱস্থিত এই উদ্যানখনে নগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। দেশজুৰি পালন হৈ থকা স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱসৰ পূৰ্ব সন্ধিয়া উদ্যানখন ৰাইজৰ বাবে মুকলি কৰা বুলিও তেওঁ লগতে উল্লেখ কৰে। আনহাতে উপ-পৌৰপতি প্ৰদীপ দাসে নগৰখনৰ উন্নয়নৰ বাবে তেওঁলোকে কেতবোৰ পদক্ষেপ হাতত লৈছে বুলি উল্লেখ কৰি সেইসমূহ সফল ৰূপায়ণৰ ক্ষেত্ৰত সকলো শ্ৰেণীৰ নাগৰিকৰ সহযোগিতা কামনা কৰে। আনহাতে, সমগ্ৰ মৰিয়নি নগৰ চি চি টিভিৰে সংযোগ কৰিব বুলিও উল্লেখ কৰি ইতিমধ্যেই চি চি টিভি সংস্থাপনৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱা বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে চি চি টিভি সংস্থাপন হ’লে এনে ব্যৱস্থা থকা যোৰহাট জিলাৰ প্ৰথমখন নগৰ হিচাপে মৰিয়নি নগৰ বিবেচিত হ’ব। দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানটোত কিংশুক ক্ৰীড়া- সাংস্কৃতিক চ’ৰাৰ সভাপতি- বিশিষ্ট শিল্পী তৰুণ শইকীয়াই উদ্যানখন পুনৰ্নিৰ্মান কৰি দিয়াৰ বাবে মৰিয়নি পৌৰসভাক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য, প্ৰায় পঁ‌চিশ বছৰৰো অধিক সময়ৰ পূৰ্বে মৰিয়নিৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কিংশুকে এই উদ্যানখন নিৰ্মাণ কৰিছিল । শেহতীয়াকৈ নগৰখনৰ সৌন্দৰ্যবৰ্ধন বাবে মৰিয়নি পৌৰসভাই এই উদ্যানখন আটকধুনীয়াকৈ পুনৰ্নিৰ্মান কৰি উলিয়ায়। ৰঙীন ৱাটাৰ ফাউন্টেইন, লাইট আদিৰ লগতে ‘আই লাভ মৰিয়নি’ লিখা গ্ল’চাইন সংযোজন ঘটাই ছেল্ফি পইন্ট স্থাপন কৰাত উদ্যানখনে ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিংশুক উদ্যানৰ মুকলি অনুষ্ঠানত মৰিয়নি পৌৰসভাৰ পৌৰ সদস্য কাজল ভট্টাচাৰ্য্য, বিজন মজুমদাৰ, শংকৰ চক্ৰৱৰ্তী, ৰঞ্জুশ্ৰী দাস, কিংশুক চ’ৰাৰ প্ৰতিষ্ঠাপক সম্পাদক- শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, মৰিয়নি চেম্বাৰ্চ অৱ কমাৰ্চৰ ভাৰপ্ৰাপ্ত সম্পাদক মানৱ দাস, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া, সমাজকৰ্মী অজিত শইকীয়া, কিংশুকৰ প্ৰাক্তন সম্পাদক দিলীপ চাহু, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত, অৰূপ ফুকন, যুৱ ব্যৱসায়ী পিযুছ বনিক, সলিল ঘোষ, প্ৰশান্ত দাস, প্ৰাণজ্যোতি শৰ্মা, মুকিব জামাল আহমেদ, স্বচ্ছ ভাৰত অভিযানৰ ন’ডেল অফিচাৰ গোপাল গগৈ, জয়ন্ত মেধি, প্ৰনীত বৰ্মন, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অনন্ত বৰঠাকুৰ, কিংশুক মহিলা চ’ৰাৰ সভানেত্ৰী উষা পাওগাম, মালবিকা মালাকাৰ, মৌচুমী মজুমদাৰ, শিক্ষক চহন কানু, আচিফ জামাল, নৱাব আবিদ হুছেইন আদি বহুসংখ্যক লোক উপস্থিত থাকে। এই অনুষ্ঠানতে কিংশুক উদ্যানৰ চাবি কিংশুক চ’ৰাক আনুষ্ঠানিকভাৱে অৰ্পন কৰে। ন-ৰূপত আটকধুনীয়াকৈ নিৰ্মাণ কৰি তোলা কিংশুক উদ্যানে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে নগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like