নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত স্বাধীনতা দিৱসত জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা-উত্তৰ দিৱস উপলক্ষ্যে মৰিয়নিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে মৰিয়নি অঞ্চলৰ দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। মৰিয়নি অঞ্চলৰ প্ৰবীন সাংস্কৃতিক কৰ্মী, বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰী ৰত্নেশ্বৰ মালাকাৰ আৰু মৰিয়নিৰ সমীপৰ পুখুৰীয়া অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি, অৱসৰপ্ৰাপ্ত শিক্ষক থানেশ্বৰ বুঢ়াগোঁ‌হাইক জ্যেষ্ঠ নাগৰিক সন্মিলনে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়। মৰিয়নি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰূদ্ৰ গগৈৰ নেতৃত্বত যোৱা গামোচা, চেলেং চাদৰ, মুখপত্ৰ প্ৰবীনজ্যোতি আদিৰে দুয়োকে সম্বৰ্ধনা জনোৱাৰ লগতে দুয়োৰে দীৰ্ঘায়ু কামনা কৰে। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দলটোত সভাপতি ৰূদ্ৰ গগৈৰ লগতে কাৰ্য্যকৰী সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত, সম্পাদক ঘনকান্ত শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক নেকিবুল ইছলাম, প্ৰদীপ দাস, কিংশুক মহিলা চ’ৰাৰ সভানেত্ৰী উষা পাওগাম, ৰুমা ডেকা, পূৰৱী হাজৰিকা, মৌচুমী মজুমদাৰ আদি কেবাজনো ব্যক্তিয়ে অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিকদ্বয়ৰ আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পুৱা মৰিয়নি জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু টি টি ডি চি-ৰ যৌথ উদ্যোগত মৰিয়নি মেজিক ষ্টেণ্ডত স্বাধীনতা দিৱস উপলক্ষ্যে ৰাষ্ট্ৰীয় পতাকা উত্তোল কৰা হয়। ধীৰেন্দ্ৰ নাথ দত্তই আঁ‌ত ধৰা চমু অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ-সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক নেকিবুল ইছলামে। ধীৰেন্দ্ৰ নাথ দত্ত, ঘনকান্ত শইকীয়া, প্ৰাক্তন সম্পাদক দিলীপ বৰা আদিয়ে বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত প্ৰদীপ দাস, ৰমেশ কামান, মিশ্ৰিলাল ৰজক আদি কেবাজনো জ্যেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like