বিশেষ বাৰ্তা, ২২ আগষ্টঃ নতুন পেন্সন নীতি বাতিলৰ লগতে পুৰণি পেন্সন নীতিক বাহাল ৰখাৰ দাবীৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আহ্বান জনোৱা সৰ্বাত্মক কৰ্মবিৰতি আজি মৰিয়নিতো ৰূপায়ণ হয়। মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ লগতে প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানৰ কৰ্মচাৰী-শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্মবিৰতি পালন কৰে। মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে পুৱা কামলৈ আহে যদিও নতুন পেন্সন নীতিৰ বিৰোধীতাৰে কৰ্মবিৰতি পালন কৰে। হাতে হাতে প্লে’ কাৰ্ড লৈ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মবিৰতিৰ ফলত কাৰ্য্যালয়টোৰ কামকাজ স্তব্ধ হৈ পৰে। ইফালে, মৰিয়নিৰ প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলে এই কৰ্মবিৰতি কাৰ্য্যসূচী ৰূপায়ণ কৰে। শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰীসকলেও প্লে’কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰি নতুন পেন্সন নীতিৰ বিৰোধ কৰে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া