নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বিগত প্ৰায় পাঁচ মাহৰ পৰা ধুবুৰীৰ চৰকাৰী জিলা পুথিভঁৰালত পঢ়ুৱৈয়ে পোৱা নাই এখনো বাতৰিকাকত। অৱিশ্বাস্য; যদিও এয়াই সত্য। উল্লেখ্য যে পুথিভঁৰালটোলৈ ৮খনকৈ দৈনিক বাতৰি–কাকত আৰু দুখনকৈ সাপ্তাহিক কাকত যোগান ধৰি আহিছিল ধুবুৰীৰ বাতৰি–কাকতৰ এজেন্সী ‘‘সঞ্চয়িতা’ই। কিন্তু পুথিভঁৰাল কৰ্তৃপক্ষৰ পৰা বৃহৎ অংকৰ বকেয়া বিল পাবলৈ বাকী থকাৰ পৰিপ্ৰেক্ষিতত বিগত ১০ এপ্ৰিলৰ পৰাই পুথিভঁৰালটোলৈ বাতৰি–কাকত যোগান ধৰা বন্ধ কৰি দিয়ে এজেন্সিটোৱে। জানিব পৰা মতে, বাতৰি–কাকতৰ বিলৰূপে ২৭ মাহৰ মুঠ ৫৬,৬১৫ টকা ‘‘সঞ্চয়িতা’’ক পৰিশোধ কৰিবলৈ বাকী আছে পুথিভঁৰাল কৰ্তৃপক্ষই। ইপিনে বিগত প্ৰায় পাঁচ মাহৰ পৰাই চৰকাৰী জিলা পুথিভঁৰাল এখনত বাতৰি–কাকত উপলব্ধ নোহোৱা স্বত্বেও বিষয়টো লৈ সংশ্লিষ্ট বিভাগকে ধৰি জিলা প্ৰশাসনে উদাসীনতা অৱলম্বন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো। উল্লেখ্য যে, কেৱল ধুবুৰীৰ জিলা পুথিভঁৰালেই নহয়; স্থানীয় অইন কেইটামান চৰকাৰী বিভাগেও ‘সঞ্চয়িতা’ক বিগত কেইবা মাহৰ বাতৰি–কাকতৰ বিল পৰিশোধ কৰা নাই বুলিয়েই প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী