নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল জীৱন মিছনত আত্মসহায়ক গোট-স্বেচ্ছাসেৱক-চিএলএফ নিযুক্তিঃ পিএইচই-জেজেএম-পিএনআৰডিৰ বুজাবুজি চুক্তি

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ জল জীৱন মিছন আঁচনিসমূহৰ মসৃণ ৰূপায়ণ আৰু কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত জল জীৱন মিছনৰ অধীনত ৰূপায়ণ সমৰ্থন সংস্থা চমুকৈ আইএছএ হিচাপে আত্মসহায়ক গোট, স্বেচ্ছাসেৱক আৰু চিএলএফক নিযুক্ত কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ জেজেএম আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এএছআৰএলএমৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই বুজাবুজি চুক্তিৰ স্বাক্ষৰকাৰী সকল আছিল ক্ৰমে জে জে এমৰ পৰিচালনা সঞ্চালক কৈলাশ কাৰ্তিক আৰু এএছআৰএলএমৰ পৰিচালনা সঞ্চালক কৃষ্ণা বৰুৱা। এই বুজাবুজি চুক্তি অনুসৰি, এএছআৰএলএমৰ অধীনত আত্মসহায়ক গোট, স্বেচ্ছাসেৱক আৰু চিএলএফে ৰূপায়ণ সমৰ্থন সংস্থা চমুকৈ আইএছএ হিচাপে কাম কৰিব যাৰ প্ৰাথমিক ভূমিকা হ’ব ৰাজ্যত জেজেএম গ্ৰহণ কৰাৰ বাবে সামূহিক পৰিচয় আৰু জিপি সংকল্প, জিপিডব্লিউএছচি, ভিডব্লিউএছচি আৰু ডব্লিউইউচিৰ ক্ষমতা নিৰ্মাণ আৰু জেজেএম পানী যোগান আঁচনিত সম্প্ৰদায়ৰ অংশ্ৰগ্ৰহণ নিশ্চিত কৰাৰ বাবে জনসাধৰণৰ মাজত সজাগতা সৃষ্টি কৰা। আজিৰ এই কাৰ্যসূচীত অংশগ্রহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সকলোকে সম্বোধন কৰি কয় যে, স্থানীয় “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ জল, আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱকৰ সপোন বাস্তৱায়িত কৰিবলৈ আঁচনিসমূহৰ ৰূপায়ণ আৰু তত্বাৱধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে।” তেওঁ লগতে কয় যে অসম পানীৰ অভাৱৰ সন্মুখীন নোহোৱা বাবে মানুহে স্বাভাৱিকতে নলৰ পানী যোগান ধৰাৰ প্ৰতি আগ্ৰহী নহয়। কিন্তু তেওঁ এই দিশটো আঙুলিয়াই দিয়ে যে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা উৎসৰ পানী সদায় সুৰক্ষিত আৰু পৰিষ্কাৰ নহয় আৰু পানীৰ দ্বাৰা হোৱা ৰোগ সৃষ্টি কৰাৰ প্ৰবল সম্ভাৱনা আছে। মন্ত্ৰীগৰাকীয়ে কয় যে “আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱকসকলৰ প্ৰাথমিক লক্ষ্য হ’ল চৰকাৰে সুৰক্ষিত পানী প্ৰদান কৰা বুলি জনসাধাৰণৰ মনত বিশ্বাস গঢ়ি তোলা। বিশুদ্ধ পানীয়ে সামূহিকভাৱে সকলোৰে স্বাস্থ্য উন্নত কৰিব পাৰে।” মন্ত্ৰীগৰাকীয়ে আৰু কয় যে “যদিও বেচৰকাৰী সংগঠনসমূহে আইএছএৰ ক্ষমতাত কাম কৰি আছে, ই আকাংক্ষিত ফলাফল লাভ কৰাত ব্যৰ্থ হৈছে, কিয়নো তেওঁলোকে গাওঁবাসীৰ সৈতে যোগাযোগৰ দিশটোত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ’ব লগা হৈছে। কিন্তু স্থানীয় আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱকসকলক লৈ আমি বিশ্বাস কৰোঁ যে এই সমস্যাটো অতি সোনকালে সমাধান হ’ব, কিয়নো তেওঁলোকে স্থানীয় ভাষাত সজাগতা অভিযান চলাবলৈ সক্ষম হ’ব।” তেওঁ লগতে উল্লেখ কৰে যে “প্ৰতিটো পৰিয়ালৰ বিপৰীতে ২৮০ টকা আৰ্থিক মাননি আত্মসহায়ক গোট, স্বেচ্ছাসেৱকসকলৰ পাৰিশ্ৰমিক হিচাপে নিৰ্ধাৰণ কৰা হৈছে, যাক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছে। যেনে পৰিকল্পনা আৰু সংগ্ৰহ পৰ্যায়, ৰূপায়ণ পৰ্যায় আৰু কাৰ্যকৰীকৰণৰ পিছৰ পৰ্যায় যি ১৮ মাহৰ বাবে প্ৰসাৰিত হ’ব।” মন্ত্ৰী বৰুৱাই লগতে উল্লেখ কৰে যে “তিনিটা পৰ্যায়ত কামৰ মানদণ্ড পৰীক্ষাক ‘জলোৎসৱ’ বুলি অভিহিত কৰা হ’ব। প্ৰথম পৰ্যায়ত আত্মসহায়ক গোটে এফ.এইচ.টি.চি.ৰ সঠিক কাৰ্যক্ষমতা পৰীক্ষা কৰিব আৰু ডাটা আধাৰত আপলোড কৰিবলৈ প্ৰশ্নাৱলী পূৰণ কৰাৰ লগতে সংযোগবোৰ জিঅ’ টেগ কৰিব। দ্বিতীয় পৰ্যায়ত, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এফ.এইচ.টি.চি.-ৰ পৰা বিভিন্ন উৎসৰ পানীৰ নমুনা সংগ্ৰহ কৰিব আৰু পৰীক্ষাগাৰত ইয়াৰ মান পৰীক্ষা কৰিব। তৃতীয় পৰ্যায়ত, ৰাজ্য চৰকাৰৰ বিষয়াসকলে আঁচনি আৰু ঘৰুৱা সংযোগবোৰ পৰীক্ষা কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে “আঁচনিসমূহৰ যত্ন ল’ব পৰা জল মিত্ৰসকলে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন আইটিআইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।”  আজিৰ অনুষ্ঠানত জে জে এমৰ পৰিচালনা সঞ্চালক কৈলাশ কাৰ্তিক, এএছআৰএলএমৰ পৰিচালনা সঞ্চালক কৃষ্ণ বৰুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব বিশ্বদীপ দাস আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

You might also like