নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : ধেমাজি জিলা মাছখোৱা অঞ্চলৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক দিশত সদায় জাগ্ৰত হৈ থকা মাছখোৱা আঞ্চলিক ছাত্ৰ সন্হাৰ সপ্তদশ সাধাৰণ অধিৱেশনখনি আজি এদিনীয়া কাৰ্যসূচীৰে মাছখোৱা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে মাছখোৱা অঞ্চলিত ছাত্ৰ সন্হা সভাপতি উত্তম শৰ্মাই। শ্বহীদ তৰ্পণ কৰে মাছখোৱা অঞ্চলিত ছাত্ৰ সন্হা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিপম দিহিঙীয়াই। প্ৰতিনিধি পঞ্জীয়নৰ পিছত মাছখোৱা আঞ্চলিক ছাত্ৰ সন্হাৰ অন্তৰ্গত বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ডিষ্ট্ৰিংচন আৰু ষ্টাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক অভিনন্দন জনোৱা হয়। অনুষ্ঠানটোৰ আঁত ধৰে জিলা শিক্ষা সম্পাদক আলোকজ্যোতি দত্তই। মাছখোৱা আঞ্চলিক ছাত্ৰ সন্হা সভাপতি উত্তম শৰ্মা পৌৰোহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ বনজিত ভট্ৰই। মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ উপাধ্যক্ষ গণৰাজ য়েইনে উদ্বোধন কৰা অনুষ্ঠানত মাছখোৱা নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন দত্ত, ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দিপক শৰ্মা, সদৌ অসম ছাত্ৰ সন্হাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা,জিলা ছাত্ৰ সন্হাৰ উপদেষ্টা বিজু দাস,মহকুমা ছাত্ৰ সন্হাৰ সভাপতি অৰবিন্দ গগৈ, সম্পাদক অনিৰ্বাণ শইকীয়াই উপস্হিত থাকি তাৎপৰ্য্যপূৰ্ণ ভাষণ দিয়ে। বিয়লি ৩ বজাত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয়বাচনি সভাখন উদ্বোধন কৰে জিলা শিক্ষা সম্পাদক আলোকজ্যোতি দত্তই। সন্ধিয়া আমন্তিত শিল্পী দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয়।
প্ৰেৰক মিণ্টু শইকীয়া