নৱপ্ৰজন্মক সেনাৰ চাকৰিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যঃ শ্বিলঙৰ পৰা দিল্লীলৈ বিএছএফৰ বাইক ৰেলীক ধুবুৰীত আদৰণি
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ নৱপ্ৰজন্মক সেনাৰ চাকৰিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যেৰে তথা ড্ৰাগচৰ বিৰূদ্ধে সজাগতা গঢ়ি তুলাৰ উদ্দেশ্যেৰে মেঘালয়ৰ শ্বিলংৰ পৰা সুগূৰ দিল্লীলৈ যাত্ৰা কৰিবলগীয়া সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ)ৰ এটা মটৰ চাইকেল ৰেলি যোৱানিশা আহি উপস্থিত হয় ধুবুৰীত। চহৰখনৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্গ্ৰ বৰুৱা খেলপথাৰত নিৰ্মিত অস্থায়ী মঞ্চত বিএছএফৰ সেই মটৰ চাইকেল ৰেলিটোক গীত–মাতেৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে ধুবুৰীৰ লায়ঞ্চ আৰু লিঅ’ ক্লাবৰ তৰফৰ পৰা আদৰা হয়। নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ আহি উপস্থিত হোৱা সেই ৰেলিটোক আদৰিবলৈ প্ৰতিকূল বতৰকো নেওছি সাধাৰণ ৰাইজৰ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰা পোৱা যায়। যোৱা ২ ছেপ্টেম্বৰৰ পৰা শ্বিলংৰ প্ৰৰা যাত্ৰা আৰম্ভ কৰি দিল্লীত সমাপ্তি হ’বলগীয়া প্ৰায় ৩৫০০ কিলোমিটাৰ যাত্ৰাপথৰ বিএছএফৰ এই মটৰ চাইকেল ৰেলিটোত মহিলাকে ধৰি মুঠ ৩৪ গৰাকী আৰোহীয়ে অংশ লৈছে। দলটোৱে নিজৰ নিজৰ মটৰচাইকেলৰে বিভিন্ন ধৰণৰ কচৰৎ প্ৰদৰ্শনেৰে উপস্থিত ৰাইজৰ মনো মুহে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী