নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিৰুচি ক্ৰীড়া দিৱসঃ ঘিলামৰাত বাইচাইকেল ৰেলী-ঢকুৱাখনাত সামূহিক দৌৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি ঘিলামৰাতো ঢকুৱাখনা জিলা মাষ্টাৰ্ছ এথলেটিকচ  ক্ৰীড়া সন্থাৰ আৰু ঘিলামৰা ক্ৰীড়াৰ সন্থাই পৃথকে পৃথকে উদযাপন কৰে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে আজি পুৱা ঘিলামৰা ক্ৰীড়া সন্থাই ঘিলামৰা নগৰ হাইস্কূলৰ খেলপথাৰ পৰা বাহিৰ কৰে এক বাইচাইকেল ৰেলি। এই বাইচাইকেল ৰেলি আনুষ্ঠানিক ভাবে ফ্লেগ অফ কৰে ঘিলামৰা প্ৰবীন খেলুৱৈ তথা অবসৰ প্ৰাপ্ত শিক্ষক অকন গোঁহাইয়ে। ঘিলামৰা ক্ৰীড়া সন্থাৰ সভাপতি কিৰণ চন্দ্ৰ গগৈ আৰু সম্পাদক বিদ্যুৎ দত্তই আঁত ধৰা চমু  অনুষ্ঠানটিত ঘিলামৰা অঞ্চলৰ ভালেসংখ্যক নবীন প্ৰবীন খেলুৱৈয়ে বাহিৰ কৰা বাইচাইকেল ৰেলিৰ অংশগ্ৰহণ কৰে। আনহাতে ঢকুৱাখনা জিলা মাষ্টাৰ্ছ এথেলেটিকচ ক্ৰীড়া সন্থাই ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ পৰা উলিয়াই এক সামূহিক দৌৰ। ঢকুৱাখনা জিলা এথেলেটিকচ মাষ্টাৰ্ছ এথেলেটিকচ ক্ৰীড়াৰ সন্থাৰ প্ৰবীন খেলুৱৈ তিলক ভৰালীয়ে আঁত ধৰা তথা সন্থাৰ সভাপতি উত্তম বৰুৱা, সম্পাদক পৰমা বৰুৱাই সহযোগিতা কৰা এই সামূহিক দৌৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা প্ৰবীন খেলুৱৈ তীৰ্থ নাথ বৰুৱাই। প্ৰতিকুল বতৰৰ মাজতো দুই ক্ৰীড়া সন্থাই উদযাপন কৰা অভিৰুচি ক্ৰীড়া দিৱসত ভালেসংখ্যক খেলুৱৈ অংশগ্ৰহণ কৰে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like