নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বে–আইনী লোন এপ উৎখাত ইডিৰ; পেটিএম–ৰেজৰপে’–কেচফ্রীৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ চীনৰ বে–আইনী লোন এপৰ বিৰুদ্ধে তদন্ত চলাই থকা এনফ’চমেণ্ট ডিৰেক্টৰেটে আজি এই এপৰ সৈতে জড়িত পেটিএম–ৰেজৰপে’ আৰু কেচ ফ্রী প্রতিষ্ঠানত অভিযান চলায়৷ বাংগালুৰুৰ তিনিটা ফিনটেক কোম্পানীসহ ৬ স্থানত ইডিয়ে  তালাচী চলায়৷ এই তালাচীৰ সময়ত চীনা নাগৰিকৰ আইডি আৰু বেংক একাউণ্টৰ ১৭ কোটি টকা জব্দ কৰে৷ তালাচীৰ সময়ত ইডিয়ে চীনৰ নাগৰিকে ভুৱা ভাৰতীয় নাগৰিকৰ তথ্য ব্যৱহাৰ কৰাৰো তথ্য লাভ কৰে৷ কোম্পানীকেইটাত ডামী সঞ্চালকৰ দ্বাৰা কার্য চলাই থকাৰ বিভিন্ন অপৰাধমূলক তথ্যও ইডিয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ চীনৰ এনে বে–আইনী লোন এপকেইটাৰ বিভিন্ন তথ্য সংগ্রহ কৰি ইডিয়ে অনুসন্ধান চলাই অৱশেষত আজি তালাচী চলায়৷ বাংগালুৰু আৰক্ষীৰ অপৰাধ শাখা কেন্দ্রত অতি কমেও ১৮ এফআইআৰ ৰুজু কৰা হৈছে৷ মন কৰিবলগীয়া যে ইডিয়ে তালাচী চলোৱাৰ পূর্বে দিল্লী আৰক্ষীয়ে ১০০তকৈ অধিক চীনৰ লোন এপ উৎখাত কৰি ২২জন লোকক আটক কৰিছে৷

You might also like