‘কংগ্ৰেছ অসমত নাই, নাই, নাই; বিদায় হৈ গ’ল – বদৰুদ্দিন আজমল
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ‘‘কংগ্ৰেছ অসমত নাই, নাই, নাই; বিদায় হৈ গ’ল। কংগ্ৰেছৰ নাম আছে নেকি? কংগ্ৰেছৰ ভাৰতবৰ্ষতে নাম নাই।’’ -এই মন্তব্য ধুবুৰীৰ সাংসদ তথা এইআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। যোৱানিশা ধুবুৰীৰ নিউমাৰ্কেটস্থিত গৃহত স্থানীয় সাংবাদিকৰে হোৱা কথা–বতৰাত এইদৰে কয় তেওঁ। সাংবাদিকৰ সন্মুখত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি সাংসদগৰাকীয়ে কয় যে, ‘‘ভূপেন বৰাই কি কৈছে? কালি মাদ্ৰাছা থকা অঞ্চলত ভোট ল’বলৈ তেওঁ যাব নে নাযাব? কংগ্ৰেছে মুছলমানৰ ওচৰত গৈ কি ক’ব?’’ তেওঁ আৰু কয় যে, ‘‘ভূপেন বৰাই কৈছে মাদ্ৰাছা ভাঙিব লাগে। ভূপেন বৰাই বাহিৰৰ পৰা আহিছে। মোৰ সন্দেহ তেওঁ অসমৰ সংস্কৃতি জানে নে নেজানে? অসমৰ জনগাঁথনি বিন্যাস জানে নে নেজানে –ইয়াত কিমান মুছলমান আছে, কিমান হিন্দু ভাইসকল আছে? কিমান মুছলমান মানুহৰ আৱেগ মাদ্ৰাছাৰ সৈতে জড়িত হৈ আছে – এয়া ভূপেন বৰা নাজানে। ইনশাআল্লাহ! ইয়াৰ ফল অহা দুটা নিৰ্বাচনত কংগ্ৰেছে যে পাব, সেয়া খাটাং।’’
আনহাতে তেখেতক বিজেপিৰ এজেন্টৰূপে অভিহিত কৰাৰ বিষয়ে শুধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আজমলে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, ‘‘মোক বিজেপিৰ এজেন্ট বুলি ৰাজনৈতিক ভাৱে কংগ্ৰেছে অভিযোগ কৰি আছে । এয়া এশ শতাংশই কংগ্ৰেছৰ ৰাজনৈতিক এজেণ্ডা।’’ লগতে এআইইউডিএফ দলৰ মুৰব্বীগৰাকীৰ প্ৰশ্ন, ‘‘ভাৰতবৰ্ষৰ কোন মানুহে; সমগ্ৰ অসমৰ কোনো এজন লোকে; এটা শিশুও জেহাদী কাৰ্য্যকলাপ ইয়াত চলিব সেয়া মানিব নেকি?’’ তেওঁ কয়, ‘‘আমিও সেয়া মানা নাই। আমি কৈছোঁ ১ জন হওক, ১০ জন হওক, হাজাৰ জন হওক আপোনালোকে গ্ৰেপ্তাৰ কৰক, কাৰাগাৰত দিয়ক; লাগিলে আপোনালোক ফাঁচি দিয়ক। আমাৰ কোনো আপত্তি নাই। জেহাদী উপাদান. (element) অসমৰ পৰা নিঃশেষ হ’ব লাগিব।’’
লগতে আজমলৰ মন্তব্য, ‘‘এয়াই মই কৈছোঁ। এয়া যদি পাপ কৰি থাকোঁ; মই কৰিছোঁ। এয়া মানেই বিজেপিক সমৰ্থন কৰা বুজায় নেকি?’’ আনহাতে মাদ্ৰাছা ভঙাৰ বিষয়টোলৈ শুধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনাত মুখৰ হৈ পৰে তেওঁ। বিষয়টো লৈ তেওঁ কয় যে, ‘‘মাদ্ৰাছাত আপোনালোক জেহাদী পাইছে, জেহাদী ধৰিছে; কোনো আপত্তি নাই। কিন্তু মাদ্ৰাছা কিয় ভাঙিলে? মাদ্ৰাছা ভঙাৰ আপোনালোকৰ অধিকাৰ নাই।’’ আজমলৰ যুক্তি, ‘‘যেতিয়া চৰকাৰী কাৰ্য্যালয় এটাত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী হয়; তেতিয়া চৰকাৰে গৈ সেই কাৰ্য্যালয়টো ভাঙি দিয়ে নেকি!’’
ধুবুৰীৰ পৰা অমিতাভ চক্ৰৱৰ্তী,