বিজেপিৰ কৃষক মৰ্চাৰ বেজেৰা মণ্ডলৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ আজি ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ বেজেৰা মণ্ডলৰ উদ্যোগত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। প্ৰথমে পতাকা উত্তোলন, ইয়াৰ পিছত বন্তি প্ৰজ্বলন আৰু মাতৃ বন্দনাৰে কাৰ্যসূচী আৰম্ভ হয় । সভাৰ আৰম্ভণিতে প্ৰয়াত সাহিত্যিক ড০ প্ৰফুল্ল কুমাৰ মহন্তৰ শোক প্ৰকাশ কৰা হয়।
এই সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাস, ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি ধনেশ্বৰ ডেকা, বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, গুৱাহাটী মহানগৰ জিলাৰ উপ-সভাপতি পুলকেন্দ্ৰ পাটোৱাৰী, ধ্ৰৱজ্যোতি বৰুৱা, সাধাৰণ সম্পাদক গংগাধৰ দাস, সম্পাদিকা বনিতা ডেকা, লাচিতগড় গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস, আঞ্চলিক সদস্যা তৰালী দাস।
এই সভাত নিজৰ ভাষণত ৰঞ্জিত ভট্টাচাৰ্যই ভাৰতীয় ইতিহাস, হিন্দু সভ্যতা আৰু কৃষিৰ ওপৰত মন্তব্য ৰাখে। ইয়াৰ উপৰি বেজেৰা মণ্ডলৰ অন্তৰ্গত যুব সমাজক কৃষি কাৰ্যৰ লগত জড়িত হ’বৰ বাবে আহ্বান জনায়। বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ’বলৈ হলে দেশৰ অৰ্থনীতি টনকিয়াল হোৱাটো দৰকাৰ বুলি মন্তব্য আগবঢ়ায় ভট্টাচাৰ্যই।