ধৰ্মশালাত আজি ভাৰত-আফগানিস্তানৰ প্ৰথম এদিনীয়া
আফগানিস্তান ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণ ১৩ জুনৰ পৰা আৰম্ভ হ’ব। একমাত্ৰ টেষ্ট খেলখনত ভাৰতীয় দলে আফগানিস্তানক ইনিংছ আৰু ৩০০ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰিছিল। একেদৰে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল ১৩ জুনত ধৰ্মশালাত অনুষ্ঠিত হ’ব। ৰোহিত শৰ্মা পুনৰ ভাৰতীয় দলৰ জাৰ্চীত দেখা যাব যদিও আঘাতৰ বাবে বিৰাট কোহলি এই শৃংখলাৰ পৰা বাহিৰত আছে।
প্ৰিন্স যাদৱ, গুৰনূৰ ব্ৰাৰ আৰু হৰ্ষ ডুবেক প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। অধিনায়ক শুভমন গিলৰ উপৰি উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলো বেটেৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াবলৈ আগ্ৰহী। ইতিমধ্যে ভাৰতীয় দল ধৰ্মশালাত উপস্থিত হৈছে। দুয়োটা দলে খেলপথাৰত নামাৰ পূৰ্বে সম্ভাৱ্য প্লেয়িং ইলেভেন, পিটচৰ অৱস্থা আৰু পৰিসংখ্যাৰ ভিত্তিত কোন দল জয়ী হোৱাৰ সম্ভাৱনা অধিক, সেয়া জানি লওক।
ধৰ্মশালাৰ পিচত দ্ৰুত বলাৰসকল সাধাৰণতে অত্যন্ত ফলপ্ৰসূ হয়। যদিও এই খেলপথাৰত ডাঙৰ ডাঙৰ স্ক’ৰ গঢ়া হৈছে, তথাপি বহু শক্তিশালী দলেও এদিনীয়া খেলত ২০০ ৰানৰ তলত অল-আউট হোৱা নজিৰ আছে। খেলৰ আৰম্ভণিতে দ্ৰুত বলাৰসকলৰ আধিপত্য থাকিব পাৰে, কিন্তু বেটছমেনসকলে এবাৰ ছেট হৈ গ’লে সহজেই ডাঙৰ শ্বট খেলিব পাৰে।
এই খেলপথাৰত শেষবাৰৰ বাবে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ এখন মেচ অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজৰ সেই মেচখনত মুঠ ৭৭১ ৰান সংগ্ৰহ হৈছিল। এই খেলপথাৰত সৰ্ববৃহৎ ৰান-চেজ হৈছে ২৭৪ ৰান, যিটো ২০২৩ বিশ্বকাপত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে সফলতাৰে সম্পন্ন কৰিছিল।
ধৰ্মশালাত ভাৰত আৰু আফগানিস্তানৰ মাজত এতিয়ালৈকে কোনো টি-২০ মেচ অনুষ্ঠিত হোৱা নাই। মুখামুখি পৰিসংখ্যা অনুসৰি, দুয়োটা দলৰ মাজত এতিয়ালৈকে ৪খন টি-২০ মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ৩খনত ভাৰত জয়ী হৈছে আৰু এখন মেচ টাই হৈছিল। আনহাতে, আফগানিস্তানে এতিয়ালৈকে কোনো এদিনীয়া মেচত ভাৰতক পৰাস্ত কৰিব পৰা নাই।
ফিফা বিশ্বকাপৰ বাবে ২৪৫ কোটি ব্যয়েৰে কাৰাগাৰ নির্মাণ
ডিজিটেল ডেস্ক, ১৩ জুন