নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: ৰাজ্যৰ ৰাজনীতিৰ পাছত ৰাষ্ট্রীয় ৰাজনীতিত ক্রমাৎ চর্চিত আৰু গুৰুত্বপূর্ণ হৈ পৰা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তাক বাধা দিয়াৰ বৃথা চেষ্টা চলালে তেলেংগানাত৷ বিজেপিবিৰোধী টি আৰ এছে অসমৰ মুখ্যমন্ত্রীগৰাকীক বাধা দিবলৈ গৈ আজি এক অতি অবাঞ্ছিত তথা দুর্ভাগ্যজনক ঘটনা সংঘটিত কৰে তেলেংগানাৰ শাসকীয় দলটোৰ এজন নেতাই৷
উল্লেখ্য যে গণেশ চতুর্থীৰ বিসর্জনৰ অনুষ্ঠানত বিশেষভাৱে আমন্ত্রিত হোৱা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই হায়দৰাবাদত এক ৰেলীত অংশগ্রহণ কৰিছিল৷ হয়াদৰাবাদৰ ভাগ্য নগৰ গণেশ উৎসৱ সমিতিয়ে জনোৱা এই আমন্ত্রণত উপস্থিত থকা মুখ্যমন্ত্রীগৰাকীৰ সৈতে স্বামী ধর্ম অধিকাৰীও উপস্থিত আছিল৷ সেই সময়তে মুখ্যমন্ত্রী ড০ শর্মাই ভাষণ দিয়াৰ পূর্বে টি আৰ এছৰ এজন স্থানীয় নেতা মঞ্চলৈ উঠি গৈ আচম্বিতে মুখ্যমন্ত্রীৰ সন্মুখৰ পৰা মাইকটো কাঢ়ি অনাৰ চেষ্টা চলায়৷ অৱশ্যে লোকজনক মঞ্চত উপস্থিত থকা আনসকলে বাধা দিয়াৰ লগতে টানি–চোঁচৰাই মঞ্চৰ পৰা নমাই দিয়া হয়৷ মুখ্যমন্ত্রী এগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্রত কৰা এনে গাফিলতিৰ ফলস্বৰূপেই সংঘটিত ঘটনাক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷
এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে যোৱা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্রকাশ কৰা মতে, জনপ্রিয় মুখ্যমন্ত্রীগৰাকীৰ ভাষণ শুনিবলৈ উক্ত স্থানত ডেৰ লক্ষাধিক লোক সমৱেত হৈছিল৷ তেনে সময়তে মঞ্চলৈ টি আৰ এছৰ এজন নেতা উঠি আহি মুখ্যমন্ত্রীক বাধা দিয়াৰ চেষ্টা চলায়৷ মন্ত্রী বৰুৱাই প্রকাশ কৰা মতে, এইজন নেতা বিগত বিধানসভা নির্বাচনত বিজেপি প্রার্থীৰ হাতত পৰাজিত হৈছিল৷ তেলেংগানাত বিজেপিৰ উত্থানক লৈ শংকিত হৈ পৰা হেতু টি আৰ এছৰ নেতাই এনে কাণ্ড সংঘটিত কৰে বুলি সন্দেহ কৰা হৈছে৷ ইয়াৰ বিপৰীতে কিন্তু লক্ষ লক্ষ লোক সমৱেত হোৱা স্থানত অসমৰ মুখ্যমন্ত্রীগৰাকীক চাবলৈ উপস্থিত জনতাই যিদৰে হেতা–ওপৰা লগায়, তাৰ পৰাই প্রমাণ হয় ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা কিমান৷
ইফালে, গণেশ বিসর্জন উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক ভগৱন্ত ৰাৱে জানিবলৈ দিয়া মতে, প্রতিবছৰে বিসর্জনৰ এই অনুষ্ঠানলৈ এজন জনপ্রিয় লোকক আমন্ত্রণ জনোৱা হয়৷ এইবাৰ এই অনুষ্ঠানলৈ অসমৰ মুখ্যমন্ত্রীক আমন্ত্রণ জনোৱা হৈছিল৷ এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈ থকা প্রতিক্রিয়াৰ বিপৰীতে আজি মুখ্যমন্ত্রী ড০ শর্মাই হায়দৰাবাদত ঐতিহাসিক ভাগ্যলক্ষ্মী মন্দিৰ দর্শন কৰি আশিস লয়৷ মুখ্যমন্ত্রীগৰাকীয়ে হায়দৰাবাদৰ শ্যাম মন্দিৰতো উপস্থিত হয়৷ মুখ্যমন্ত্রীগৰাকীক মন্দিৰ দর্শনৰ সময়ত সংগ দিয়ে কেন্দ্রীয় ড’নাৰ মন্ত্রী কিষাণ ৰেড্ডী গংগাপুৰম, অসমৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্র মার্ঘেৰিটা আৰু বিধায়ক মানৱ ডেকাই৷
ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে তেলেংগানাৰ বিজেপিৰ জ্যেষ্ঠ কার্যকর্তাসকলৰ সৈতে এক বার্তালাপত মিলিত হয়৷ তেলেংগানাত বিজেপিৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন দিশ উল্লেখ কৰে এই বৈঠকত৷ ইয়াৰ পূর্বে কালি হায়দৰাবাদত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্রীগৰাকীক তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলিছাই সুন্দৰৰাজনজীয়ে বিশেষভাৱে আদৰণি জনায়৷ হায়দৰাবাদৰ ৰাজ্যপাল ভৱনত হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্রী ড০ শর্মায়ো তেলেংগানাৰ ৰাজ্যপাল হিচাপে তিনি বছৰ সম্পূর্ণ কৰাৰ বাবে ৰাজ্যপালগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে৷