নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত হোটেল প্লাজাত বুধবাৰে নিশা আৰক্ষীয়ে আকস্মিকভাৱে অভিযান চলাই দেহ ব্যৱসায়ৰ স’তে জড়িত ছয়গৰাকী যুৱতী, দুজন যুৱক আৰু হোটেলখনৰ স্বত্বাধিকাৰজনক আটক কৰে৷ এক গোপন সূত্রৰ পৰা পোৱা তথ্যৰ ভিত্তিত বুধবাৰে নিশা বৰপেটাৰ সদৰ উপ–আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত হোটেলখনত আৰক্ষীয়ে অভিযান চলায়৷ আৰক্ষীৰ এই অভিযানত তপন চন্দ্র সৰকাৰ আৰু আব্দুল চালাম নামৰ দুই যুৱক আৰু ছয়গৰাকী যুৱতীক হোটেলৰ কোঠাৰ ভিতৰৰ পৰা আৰক্ষীয়ে আটক কৰে৷ আনহাতে আৰক্ষী উপস্থিত হোৱাৰ পূর্বে তিনিজন যুৱক পলাই যায়৷ ধৃত যুৱক–যুৱতীসকল দেহ ব্যৱসায়ত জডিত বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ এই সন্দর্ভত হোটেলখনৰ স্বত্বাধিকাৰ সুধীৰ কর্মকাৰকো আৰক্ষীয়ে আটক কৰে৷ ধৃতসকলক নিশা বৰপেটা থানাত সোধা–পোছা কৰাৰ পিছত আটাইকেইজনৰ বিৰুদ্ধে ১৯২/২০৭০ নম্বৰত গোচৰ পঞ্জীয়ন কৰি গ্রেপ্তাৰ কৰা হয়৷ বৃহস্পতিবাৰে অভিযুক্ত যুৱতী আৰু যুৱক কেইজনক বৰপেটাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়৷ আদালতে যুৱতী ছয়গৰাকী আৰু যুৱক দুজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আনহাতে আৰক্ষীয়ে আটক কৰাৰ পিছতে অসুস্থ হৈ পৰা হোটেলখনৰ স্বত্বাধিকাৰ সুধীৰ কর্মকাৰক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ হোটেলখনত দীর্ঘদিনৰ পৰা নাৰী দেহৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷