নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত উত্তাল প্ৰতিবাদ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বন্দিহানা আঞ্চলিক সমিতি-যুৱছাত্ৰ সংগ্ৰাম সমিতিৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ সদৌ অসম নিৰ্মাণ শ্ৰমিক উইনিয়নৰ জৰুৱা বন্দিহানা আঞ্চলিক সমিতি আৰু যুৱছাত্ৰ সংগ্ৰাম সমিতিৰ উদ্যোগত পাঁচদফীয়া এক দাৱী ৰূপায়ণৰ বাবে আজি ধুবুৰীত এক উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত হয়। ফুলকাটাৰী টিপকাই নৈৰ ওপৰত থকা স্তব্ধপ্ৰায় দলংখনৰ নিৰ্মাণকাৰ্য্য দ্ৰুত সম্পন্ন কৰাৰ সমান্তৰালকৈ দলংখনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ নোহোৱালৈকে বিনামূলীয়াকৈ পাৰাপাৰৰ ব্যৱস্থা কৰা, পাৰঘাটৰ নামত চিণ্ডিকেটৰাজ বন্ধ কৰা, বন্দিহানা আৰক্ষী চকী পূৰ্ণ থানালৈ ৰূপান্তৰিত কৰাৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ সৈতে সংযোগ কৰা, দলংখনৰ পৰা জিলাখনৰ বিলাসীপাৰা সংযোগী পথ নিৰ্মাণ কৰা আৰু ডিমাতলা বজাৰৰ পৰা শিমূলতলা বজাৰলৈ পথ নিৰ্মাণ কৰা – এই পাঁচটা দাৱীৰে সংগঠদুটাৰ উদ্যোগত আজি আয়োজিত সেই প্ৰতিবাদ কাৰ্য্যসূচীত অংশ লোৱা প্ৰতিবাদীসকলে হাতে হাতে প্লেকাৰ্ড লৈ ধুবুৰীত এক বিশাল এক সমদল উলিয়ায় আৰু ৰাজপথ উত্তাল কৰি স্থানীয় জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ ৰাওনা হয়। অৱশ্যে কাৰ্য্যালয়টোৰ পৰা নতি দুৰত থকা চহৰখনৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সমীপৰ ৰাজপথত আৰক্ষীয়ে প্ৰতিবাদী সেই সমদলটোক আগভেটি ধৰে আৰু তেতিয়া প্ৰতিবাদকাৰীসকলে সেই স্থানতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰে। অন্তত পাঁচ গফীয়া দাৱী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদানেৰে আজিৰ সেই প্ৰতিবাদ কাৰ্য্যসূচীৰ সমাপ্ত ঘটে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like