নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত ধুবুৰীত তৃণমূল কংগ্ৰেছৰ বিজয় নিশ্চিতৰ দাবী তৃণমূলৰ সভাপতি ৰিপুণ বৰাৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ  কালি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰী দ্বিতীয় বৰাত অনুষ্ঠিত হৈ যোৱা এক দলীয় কৰ্মীসভাত অংশ লোৱাৰ পিছত আয়োজিত এখন সংবাদমেলত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি ল’য় তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই। ৰিপুণ বৰাই আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীত তৃণমূল কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাৱী কৰি আৰু কয় যে, ‘‘ৰাইজে কংগ্ৰেছকো চালে, এআইইউডিএফকো চালে, বিজেপিকো চালে; চবৰে পিছ ল’লে। ৰাইজ এতিয়া আস্বস্ত যে তৃণমূলেহে ৰাইজৰ আশা–আকংক্ষা পূৰণ কৰিব পাৰিব।’ সংবাদমেলখনত আগত দিনত বিজেপিৰ একমাত্ৰ বিকল্প তৃণমূল কংগ্ৰেছ হ’ব বুলিও দাৱী কৰে তেওঁ। আনহাতে জেহাদী সন্দৰ্ভে সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘আমি উগ্ৰপন্থীক কেতিয়াও সমৰ্থন নকৰোঁ; উগ্ৰপন্থীক কৰায়ত্ব কৰিবই লাগিব। কিন্তু জেহাদীক যদি মাদ্ৰাছাত পায় তেতিয়া জেহাদীক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু তাৰবাবে মাদ্ৰাছা ভাঙিব নেলাগে, মাদ্ৰাছা একো অপৰাধ কৰা নাই। মাদ্ৰাছা ভাঙিব নালাগে; এয়া অগণতান্ত্ৰিক, স্বৈৰতন্ত্ৰ, একনায়কত্ববাদিতা।’ উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ স্থানীয় নেতা–কৰ্মীসকলে এক মটৰ চাইকেল ৰেলিৰে ধুবুৰীৰ আদাবাৰী দ্বিতীয় খণ্ড অঞ্চলত আয়োজিত দলীয় কৰ্মীসভাথলীলৈ আদৰি নিয়ে ৰাজ্যিক সভাপতি ৰিপুণ বৰাকে ধৰি আমন্ত্ৰিত অথিতিৰূপে পশ্চিমবংগৰ অইন কেইবাগৰাকী দলীয় নেতাক।  কৰ্মীসভাখনত দলটোৰ ৰাজ্যিক সভাপতিগৰাকীৰ উপৰি পশ্চিমবংগৰ পৰা ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পাৰ্থপ্ৰতিম ৰয় আৰু দলটোৰ আলিপুৰদুৱাৰ জিলাৰ সভাপতি পিনাক তালুকদাৰকে ধৰি ৰাজ্য আৰু ধুবুৰী জিলাৰ কেইবাগৰাকীও স্থানীয় নেতা উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like