নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূলসুঁতিলৈ সশস্ত্ৰ সংগঠনৰ কেডাৰঃ দিল্লীত অমিত শ্বাহ-ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শান্তি চুক্তি

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ এহেজাৰ কোটি টকীয়া উন্নয়ন পুঁজি আৰু উন্নয়ন পৰিষদৰ প্রস্তাৱেৰে আদিবাসী বিদ্রোহী সংগঠনসমূহে নতুন দিল্লীত স্বাক্ষৰ কৰিলে ঐতিহাসিক শান্তি চুক্তি৷ নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত মন্ত্রী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত প্রায় তিনি দশকৰ সশস্ত্র সংগ্রামৰ পৰিণতি হিচাপে ৮টাকৈ আদিবাসী বিদ্রোহী সংগঠনৰ মুৰব্বীসকলে স্বাক্ষৰ কৰে এই শান্তি চুক্তিত৷ আনহাতে অসম চৰকাৰৰ হৈ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু কেন্দ্রীয় চৰকাৰৰ হৈ উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা গৃহ বিভাগৰ অতিৰিক্ত সচিব পীয়ূষ গোৱেলে চুক্তিখনত স্বাক্ষৰ কৰে৷ মন কৰিবলগীয়া যে স্বাক্ষৰিত ত্রিপাক্ষিক চুক্তিত মুঠ ১১টা দফা সন্নিৱিষ্ট কৰা হৈছে৷ চুক্তি অনুসৰি ৰাজ্যৰ আদিবাসীসকলৰ সামগ্রিক উন্নয়নৰ বাবে এখন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা হ’ব৷ গুৱাহাটীত হ’ব পৰিষদৰ মুখ্য কার্যালয়৷ তদুপৰি ৰাজ্যৰ আন এক উপযুক্ত স্থানত পৰিষদৰ আঞ্চলিক কার্যালয় স্থাপন কৰা হ’ব৷ পৰিষদৰ কার্যকাল হ’ব পাঁচ বছৰ আৰু অসম চৰকাৰে পৰিষদৰ সদস্যসকলক মনোনীত কৰিব৷ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্রাৰম্ভিকভাৱে এবছৰৰ বাবে অসম চৰকাৰে অন্তর্ৱর্তীকালীন পৰিষদ গঠন কৰিব৷ চুক্তি অনুসৰি ৰাজ্যৰ আদিবাসী অধ্যুষিত অঞ্চলসমূহৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে যৌথভাৱে মুঠ ১০০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ প্রদান কৰিব৷ প্রতি বছৰ অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে ১০০ কোটি টকাকৈ আগন্তুক পাঁচ বছৰত ১,০০০ কোটি টকা প্রদান কৰিব আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদলৈ৷ লক্ষণীয়ভাৱে চুক্তিখনত ৰাজ্যৰ ৩৬টা আদিবাসী জনগোষ্ঠীৰ অনুসূচিত জনজাতিৰ মর্যাদাৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছে যদিও ইয়াৰ বাবে সুস্পষ্টকৈ কোনো ব্যৱস্থা প্রদান কৰা হোৱা নাই৷ ২০১৯ চনত কেন্দ্রীয় চৰকাৰে ইতিমধ্যে এখন বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিছে৷ এতিয়া সমগ্র বিষয়টো কেন্দ্র আৰু ৰাজ্য চৰকাৰে ত্বৰান্বিত কৰাৰ চেষ্টা কৰিব৷ এইক্ষেত্রত অসম চৰকাৰে গঠন কৰা মন্ত্রী গোটৰ কমিটীৰ বিষয়েও চুক্তিখনত উল্লেখ কৰা হৈছে৷ ইয়াৰ বিপৰীতে চুক্তি অনুসৰি আদিবাসীসকলৰ বাবে অন্যান্য পিছপৰা জাতিৰ (অ’ বি চি) তালিকাৰ ভিতৰত এটা সুকীয়া শ্রেণী কৰি শিক্ষা আৰু কর্মসংস্থাপনৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ আজি স্বাক্ষৰিত চুক্তিমর্মে অসমত আদিবাসীসকলৰ বাবে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব৷ এইক্ষেত্রত অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী আইনৰ জৰিয়তে অসমৰ আদিবাসীসকলক সুৰক্ষা প্রদান কৰা হ’ব৷ লক্ষণীয়ভাৱে চুক্তিখনত চাহ শ্রমিকসকলৰ উন্নয়নৰ বাবে সুকীয়াকৈ এটা দফা সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ বাবে ৰাজ্যৰ এগৰাকী কেবিনেট মন্ত্রীৰ অধ্যক্ষতাত অসম চৰকাৰে এখন কমিটী গঠন কৰিব, যি কমিটীয়ে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ সৈতে পৰামর্শ কৰি চাহ শ্রমিকসকলৰ সুবিধা–সুবিধাসমূহ পর্যালোচনা কৰিব তথা প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ আনহাতে চুক্তি অনুসৰি ৰাজ্যৰ আদিবাসী সংস্কৃতি, ভাষা আৰু ৰীতিসমূহৰ সংৰক্ষণ তথা প্রসাৰ কৰা হ’ব৷ ইয়াৰ বাবে গুৱাহাটীত অসম চৰকাৰে এটা বিশেষ ব্যৱস্থাপনা গঢ়ি তুলিব, যাৰ জৰিয়তে এইবোৰ বিষয়ত অধ্যয়ন কৰিব পৰা যায়৷ স্বাক্ষৰিত চুক্তিত থকা আন এক গুৰুত্বপূর্ণ হৈছে ১৯৯৬, ১৯৯৮ আৰু সর্বশেষ ২০১৪ চনত হোৱা গোষ্ঠীসংঘর্ষত মৃত্যু হোৱা প্রতিজন আদিবাসী লোকৰ নিকট আত্মীয়ক ১ লাখ টকাকৈ অসম চৰকাৰে এককালীন ক্ষতিপূৰণ প্রদান কৰিব৷ একেদৰে মুঠ ৮টা আদিবাসী সশস্ত্র সংগঠনৰ কেডাৰসকলৰ পুনর্সংস্থাপনৰো ব্যৱস্থা কৰা হৈছে আজিৰ চুক্তিখনত৷ উল্লেখ্য যে এই ৮টা আদিবাসী বিদ্রোহী সংগঠনৰ মুঠ ১,১৭০জন কেডাৰ ইতিমধ্যে অস্ত্র সম্বৰণ কৰিছে৷ উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য বিদ্রোহী সংগঠনসমূহৰ সৈতে হোৱা চুক্তিৰ আঁত ধৰি আদিবাসী সংগঠনৰ কেডাৰসকলৰো পুনর্সংস্থাপন কৰা হ’ব৷ চুক্তিৰ অন্তিম দফা অনুসৰি আজি স্বাক্ষৰিত চুক্তিখন ৰূপায়ণৰ বাবে অসম চৰকাৰ, কেন্দ্রীয় গৃহ বিভাগ আৰু আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ প্রতিনিধিৰে এখন যৌথ নিৰীক্ষণ কমিটী গঠন কৰা হ’ব৷ চুক্তিখন সুকলমে ৰূপায়ণ কৰাৰ বাবে কমিটীখনে বছৰত কমেও দুবাৰ পর্যালোচনা বৈঠকত মিলিত হ’ব৷ মন কৰিবলগীয়া যে আজি স্বাক্ষৰিত চুক্তিখনত বীৰছা কমাণ্ড ফ’চৰ অধ্যক্ষ দুর্গা হাসদা, আদিবাসী কোব্রা মিলিটাৰী অৱ আছামৰ অধ্যক্ষ অসীম হাসদা, অল আদিবাসী নেচনেল লিবাৰেচন আর্মীৰ অধ্যক্ষ দ্বীপেন নায়ক, আদিবাসী পিপলছ আর্মীৰ অধ্যক্ষ মণ্ডল হাসদা, চাওতাল টাইগাৰ ফ’চৰ অধ্যক্ষ পেৰছিয়াছ হেমব্রম, অল আদিবাসী নেচনেল লিবাৰেচন আর্মীৰ এফ জি গোটৰ অধ্যক্ষ অম্রিত বেক, বীৰছা কমাণ্ডো ফ’চৰ বাদল টুডু গোটৰ অধ্যক্ষ টির্কি টুডু আৰু আদিবাসী কোব্রা মিলিটাৰী অৱ আছামৰ এফ জি গোটৰ সাধাৰণ সম্পাদক ছিনেছ হেমব্রমে বিদ্রোহী সংগঠনসমূহৰ হৈ স্বাক্ষৰ কৰে৷ মন কৰিবলগীয়া যে ৯০ৰ দশকৰ মাজ মজিয়াত আৰম্ভ হোৱা আদিবাসীসকলৰ সশস্ত্র সংগ্রাম ২০১২ চনত প্রথমবাৰৰ বাবে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পথ বিচাৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পাছত ২০১৬ চনত চৰকাৰৰ সৈতে বিদ্রোহী সংগঠনসমূহে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে৷ অৱশেষত আজি সম্পাদিত হ’ল চূডান্ত চুক্তি৷ লক্ষণীয়ভাৱে আদিবাসী বিদ্রোহী সংগঠনসমূহৰ নেতাসকলে আজিৰ চুক্তি স্বাক্ষৰিত কৰি তেওঁলোকৰ মূল দাবী হিচাপে জনজাতিকৰণৰ বিষয়টো এতিয়া অগ্রাধিকাৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷ এই প্রসংগত আদিবাসী কোব্রা মিলিটাৰী অৱ আছামৰ অধ্যক্ষ অসীম হাসদাই কয় যে চুক্তিত জনজাতিকৰণৰ বিষয়টো স্থান লাভ কৰাটোৱেই আমাৰ বাবে এটা বৃহৎ প্রাপ্তি৷ আনহাতে চুক্তি স্বাক্ষৰকাৰী বীৰছা কমাণ্ড ফ’চৰ অধ্যক্ষ দুর্গা হাসদাৰ মতে আজিৰ এই চুক্তিৰ জৰিয়তে অসমৰ আদিবাসী সমাজে সমগ্র দেশত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ এই চুক্তি অসমত আদিবাসীসকলৰ প্রাপ্য আৰু অধিকাৰ সুনিশ্চিত কৰিবলৈ সহায় কৰিব বুলি দুর্গা হাসদাই সাংবাদিকৰ আগত মন্তব্য কৰে৷ আনহাতে আদিবাসী পিপলছ আর্মীৰ অধ্যক্ষ মণ্ডল হাসদাৰ মতে এই চুক্তিয়ে দৰাচলতে সমাজত পিছপৰি থকা সকলো লোকক আগুৱাই নিব৷ ইপিনে চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তাৎপর্যপূর্ণ মন্তব্য– আজিৰ এই চুক্তিৰ জৰিয়তে অসমৰ আদিবাসী সমাজে প্রথমবাৰৰ বাবে এটা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল৷ আগতে আদিবাসী বুলি ক’লে আমি ঝাৰখণ্ডক বুজি পাইছিলোঁ৷ পিছে অসমত থকা আদিবাসীসকলৰ যে এটা সুকীয়া পৰিচয় আছে সেয়া আজিৰ এই চুক্তিৰ জৰিয়তে পোহৰলৈ আহিল৷ এতিয়া অসমত আদিবাসী সমাজৰ যি বীৰপুৰুষ আছিল, তেওঁলোকৰ নামত অনুষ্ঠান–প্রতিষ্ঠান স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ আনহাতে মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে, শীঘ্রেই আদিবাসী বিদ্রোহী সংগঠনসমূহে ৩০০ৰো অধিক অস্ত্রসম্ভাৰ চৰকাৰক জমা দিব৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে এতিয়াৰে পৰা চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়ৰ নাম আদিবাসী আৰু চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয় হিচাপে গণ্য কৰা হ’ব৷ মুখ্যমন্ত্রীৰ আন এক গুৰুত্বপূর্ণ ঘোষণা– আদিবাসী উগ্রপন্থী সংগঠনসমূহৰ পাছত শীঘ্রে ডিমাচা উগ্রপন্থী সংগঠনসমূহৰ সৈতেও ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হ’ব৷ এবাৰ ডিমাচাসকলৰ সৈতে চুক্তি স্বাক্ষৰ হৈ গ’লে অসমত কেৱল আলফা সমস্যা অবিহনে আন কোনো সমস্যা নাথাকিব বুলি মুখ্যমন্ত্রীয়ে আজি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে আজি নর্থ ব্লকত চুক্তি স্বাক্ষৰ কৰা অনুষ্ঠানত ৰাজ্যৰ চাহ জনগোষ্ঠীক প্রতিনিধিত্ব কৰা চাৰিজনকৈ জনপ্রতিনিধি হিচাপে কেন্দ্রীয় পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ বিভাগৰ ৰাজ্যমন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যাপ্রসাদ তাছা, পল্লৱলোচন দাস আৰু ৰাজ্য মন্ত্রী সঞ্জয় কিষাণ উপস্থিত থাকে৷ আনহাতে অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গৃহ বিভাগৰ প্রধান সচিব নীৰজ বার্মা আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে৷

You might also like