ঐতিহাসিক আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰীক চিৰাঙত বিপুল সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণাৰ্থে ১৫ ছেপ্টেম্বৰত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ হয় । পিছপৰা-নিষ্পেষিত আদিবাসী জনগোষ্ঠীটোৰ আঠটাকৈ সশস্ত্ৰ সংগঠনৰ সতে স-সম্মানেৰে ঐতিহাসিক চুক্তিৰ ক্ষেত্ৰত কোনো জাতি-জনগোষ্ঠীয়ে শংকিত হ’ব নালাগে। কোনো জাতি-জনগোষ্ঠীৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ কৰা চুক্তিয়ে বৰ অসম গঢ়াত অৰিহণা যোগাব বুলি উল্লেখ কৰে আকমাৰ চেয়াৰমেন জাব্ৰিয়াছ খাখা ওৰফে অসীম হাসদা । তেওঁ ঐতিহাসিক আদিবাসী চুক্তিৰ ক্ষেত্ৰত আগভাগ লোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। এই চুক্তিৰ জৰিয়তে আদিবাসীসকলৰ যথেষ্ট আশা-আকাংক্ষা পূৰণ হব যদিও জনজাতি কৰণ হৈছে আদিবাসী সকলৰ মুখ্য দাবী । পৰ্যায়ক্ৰমে জনজাতি কৰণৰ দাবী এদিন পূৰণ হব। এইবুলি আশা ব্যক্ত কৰি বক্তব্য ৰাখে আকমাৰ উপ সেনাধ্যক্ষ চুণ্ডা হাসদা, বি চি এফৰ চেয়াৰমেন টিৰকু টুডু আৰু আপাৰ চেয়াৰমেন মংগল হাসদাই বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত চম্পাৱতী বজাৰ খেলপথাৰত অনুষ্ঠিত আদৰণি অনুষ্ঠানটিত পৰম উচ্ছাস-উদ্দীপনাৰ মাজেদি আদিবাসী কৃষ্টি দলে চুক্তি স্বাক্ষৰকাৰী সকলক নৃত্য-গীতেৰে আদৰণি জনোৱাৰ উপৰি আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে উষ্ম সম্বৰ্ধনা জনাই নৃত্য-গীতেৰে পৰিবেশটি আনন্দ মুখৰ কৰি তোলে। অনুষ্ঠানটিত আদিবাসীৰ বিভিন্ন দলীয় নেতা কৰ্মী উপস্থিত আছিল ।
প্ৰেৰক ভৃগু মুনি ৰায়