মৰিগাঁৱত উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান কায্যসূচীৰ ৰাজ্যিক অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ আজি পুৱা ১০.৩০ বজাত অসমৰ স্বাস্থ্য পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও জিলাৰ ভুৰবন্ধা এম. ভি. স্কুলত উপস্থিত হৈ উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযানৰ ৰাজ্যিক শুভ উদ্ধোধনী কৰে । ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ২০১৪ চনতে ভাৰতবৰ্ষ পলিঅ’ মুক্ত যদিও কিছুমান দেশত পলিঅ’ এতিয়াও আছে আৰু সেই দেশ সমুহৰ পৰা আমাৰ দেশত পলিঅ’ পুনৰ সংক্ৰমণ হব পাৰে সেয়েহে প্ৰতিটো শিশুৰ সুৰক্ষাৰ বাবে অসমৰ ১৯ খন জিলাত অভিযান হিচাপে ২৬ লাখৰো অধিক পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু অন্যান্য জিলা সমুহতো নিয়মিত এই কাৰ্যসূচী চলি আছে ।
মন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানতে নিজ হাতেৰে শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰে আৰু সকলো জনসাধাৰণকে এই পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, ৰাজ্যিক স্বাস্থ্য সঞ্চালক কমলজিৎ তালুকদাৰ, জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা, ৰাজ্যিক স্বাস্থ্য বিভাগ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়া সকল, অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন, মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস, ভূৰবন্ধা পঞ্চায়তৰ সভানেত্ৰী আৰু বিষয়া কৰ্মচাৰী সকল, জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল, শিশুসহ মাতৃসকল, আশা আৰু অঙ্গনবাড়ী কৰ্মীসকলো উপস্থিত থাকে।