নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নথিপত্ৰত বিসংগতিঃ শিল–বালি কঢ়িওৱা পাঁচখনকৈ বাহন জব্দ ধুবুৰী বন সংমণ্ডলৰ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ আজি ধুবুৰী মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা বন বিভাগে পাঁচখনকৈ শিল–বালি কঢ়িওৱা বাহন জব্দ কৰা বুলি জানিব পৰা গৈছে। ধুবুৰীস্থিত বন বিভাগৰ সূত্ৰই সদৰি কৰানুসৰি, চালানত বিসংগতি থকাৰ অভিযোগত ধুবুৰী জিলাৰ বন সংমণ্ডল বিষয়াৰ নেতৃত্বত বন বিভাগৰ এটা দলে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ পৰা ট্ৰাক, ডাম্পাৰ আৰু ট্ৰেক্টৰকে ধৰি মুঠ ৫খনকৈ বাহন জব্দ কৰিছে। পশ্চিমবংগ আৰু বিটিএডি অঞ্চলৰ পৰা আহি থকা সেই বাহন কেইখন ধুবুৰী, ঢেপঢেপি আৰু বালাজান অঞ্চলৰ পৰা জব্দ কৰা হোৱা বুলি প্ৰকাশ। জব্দ কৰা ডাব্লুবি ৬৯এ/৬১৫০ আৰু এএচ১৬এ/৩৮৮২ নম্বৰৰ ডাম্পাৰ, এএচ১৭বি/১৭০৪ আৰু এএচ১৭চি/৪০৭৬ আৰু এএচ০১চি/৩১৮৫ নম্বৰৰ ট্ৰাকখনৰ বিৰূদ্ধে বিভাগীয় নিয়মানুসৰি ব্যৱস্থা লোৱা হ’ব বুলিও সদৰি কৰিছে ধুবুৰীৰ বন বিভাগে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like