নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক কুমাৰ শৰ্মাৰ উদ্যোগত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাইজে বিপুল সম্বৰ্ধনা জনায় । নসত্ৰৰ কৃষ্ণগুৰু আশ্ৰমৰ পৰা উভতি অহাৰ পথত সন্ধিয়া প্ৰাক্তন বিধায়ক শৰ্মাৰ বাসভৱনত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মী সমৰ্থক আৰু বিভিন্ন অঞ্চলৰ ৰাইজ উপস্থিত হৈ লোকাৰণ্য হৈ পৰে আৰু সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, অশোক শৰ্মা জিন্দাবাদ,বিজেপি জিন্দাবাদ ধ্বনিত মুখৰ কৰি তোলে । ইয়াৰ পিছতে প্ৰাক্তন বিধায়ক অশোক কুমাৰ শৰ্মাৰ চোতালত আয়োজিত সম্বৰ্ধনা জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, যুৱ মৰ্চাৰ জিলা সভাপতি হেমন্ত বৰ্মন, কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি দত্ত, অঞ্জন শৰ্মা, নাগাৰা সূৰ্য ৰামচৰণ ভৰালী,জ্যেষ্ঠ নেতা অভিৰাম ডেকা, বিশ্ব হিন্দু পৰিষদৰ জিলা বিভাগ সম্পাদক অনুপ দাস, বিশিষ্ট ব্যৱসায়ী মিন্টু দত্ত, জিলাখনৰ বিভিন্ন অঞ্চলৰ পঞ্চায়ত প্ৰতিনিধি, প্ৰায় শতাধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গামোছা শৰাই জাপিৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায়। বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক পুলক শৰ্মাই আঁত ধৰা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি সোনোৱালে কয় যে নলবাৰীৰ প্ৰতি তেওঁৰ আকৰ্ষণ দীৰ্ঘদিনীয়া । নলবাৰীৰ উন্নয়ন তেওঁ মনেপ্ৰাণে বিচাৰে । অকল নলবাৰীয়ে নহয় অসমক দেশৰ পাছখন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰাৰ যি সপোন সেয়া তেওঁ বাস্তৱায়িত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি দোহাৰে। লগতে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দেশখন গঢ়াৰ যি সপোন সেয়া সম্পূৰ্ণ ৰূপে সহযোগ কৰাৰ লগতে দলীয় কৰ্মী দলৰ নীতি নিয়ম মতে সংগঠন কৰাৰ আহ্বান জনায়।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা