নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ পৰা আমাৰ প্ৰত্যাশা

হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ কাম-কাজৰ মাজত প্ৰতিজন সভাপতিৰ বৌদ্ধিক ব্যক্তিত্ব আৰু চিন্তাধাৰাৰ প্ৰতিফলন ঘটে। নৱনিৰ্বাচিত সভাপতি কুল শইকীয়া একেধাৰে এজন প্ৰতিভাৱান লেখক, মননশীল বুদ্ধিজীৱি আৰু অভিজ্ঞ প্ৰশাসক। অসম সাহিত্য সভাৰ সভাপতিসকলৰ ভিতৰত তেওঁ এজন বিশেষ ভাৱে চিহ্নিত হ’বৰ যোগ্য মানুহ। অতএবৰ তেওঁৰ পৰা অসমীয়া সমাজৰ প্ৰত্যাশাও বহুত বেছি। আমাৰ মনত স্বাভাৱিকতেই এনে এটা আশা যে সভাৰ গতানুগতিক কাৰ্যসূচীবোৰ সম্পাদন কৰাৰ উপৰিও তেওঁ অসমীয়া সাহিত্যৰ স্থায়ী কিবা এটা সম্পদ এৰি থৈ যাব।
অসম সাহিত্য সভাক সৰ্বৃবৃহৎ জাতীয় উতৎসৱ বুলি গণ্য কৰা হয়। কেৱল সাহিত্যৰ নামত এনে বিশাল জন-সমাগম আৰু আনন্দ মুখৰ উৎসৱ ভাৰতৰ আন কোনো ৰাজ্যতে নাই বুলিও দাবী কৰা হয়। সেই কথা বোধহয় সত্য। কিন্তু তাৰ লগতে সেই কথাও সত্য যে সাহিত্যৰ নামত এনেকৈ আৱেগ–বিহ্বল হ’ব নোখোজা বা জনাকীর্ণ বিশাল উৎসৱৰ আয়োজন নকৰা অন্যান্য বহুতো ভাষা–গোষ্ঠীৰ মানুহে আমাতকৈ অনেক গুণে উন্নততৰ সাহিত্যৰ সৃষ্টি কৰিছে৷
এটা মাত্র উদাহৰণস্বৰূপে মাৰাঠীসকলৰ কথাই ধৰক (মই এই উদাহৰণটো বহু ঠাইত ব্যৱহাৰ কৰিছোঁ)৷ সমগ্র দেশৰ ভিতৰত মাৰাঠীয়েই বোধহয় একমাত্র ভাষা– যি ভাষাত আধুনিক মাৰাঠী সাহিত্যৰ আৰম্ভণিৰ দিনটোৰ পৰা ১৯৫০ চন পর্যন্ত মুদ্রিত সমস্ত মাৰাঠী গ্রন্থৰ এখন শ্রেণীবদ্ধ সুবিস্তৃত তালিকা পোৱা যায়৷ একমাত্র মাৰাঠী ভাষাতেই শৰীৰ–চর্চা আৰু খেলা–ধূলাৰ বিষয়ে দহটা খণ্ডৰ এখন বিশ্বকোষ প্রকাশিত হৈছে৷ ১৮৫০ চনৰ পৰা ১৯৫০ চনলৈকে এশ বছৰত মাৰাঠী ভাষাৰ বিভিন্ন আলোচনী আৰু বাতৰিকাকতত যিমানবোৰ প্রবন্ধ প্রকাশিত হৈছিল সেই আটাইবোৰ প্রবন্ধৰ– হাজাৰ হাজাৰ প্রবন্ধৰ– এখন সূচীপত্র সংকলিত হৈছে সাতটা খণ্ডত৷ মাৰাঠী ভাষাত অতীতত যিকোনো বিষয়ে যিহকেই লিখা হৈছে তাৰ এটা সূত্র এই গ্রন্থত হাতৰ কাষতে পাই মাৰাঠী গৱেষকসকল উপকৃত হ’ব৷
মাৰাঠীসকলে এইক্ষেত্রত যিমানবোৰ ঈর্ষণীয় কাম কৰিছে তাৰ এটা অতি ক্ষুদ্র অংশহে ওপৰত উল্লেখ কৰা হ’ল৷ কিন্তু অসমীয়াসকলক নিজকে ধিক্কাৰ দিবলৈ বাধ্য কৰিবৰ কাৰণে এই ক্ষুদ্র উদাহৰণটোৱেই যথেষ্ট নহয়নে? এশ বছৰীয়া অসম সাহিত্য সভাই আজিলৈকে এখন সম্পূর্ণ অসমীয়া গ্রন্থপঞ্জীও প্রস্তুত কৰি উলিয়াব নোৱাৰিলে৷ আধা কৰা অৱস্থাতে সি পৰিত্যক্ত হ’ল৷ মাৰাঠী পণ্ডিতসকলে নিজৰ বিষয়ে নিজে দাবী কৰিছে এই বুলি– ‘মাৰাঠীসকলৰ মানসিকতাত এনে এটা বস্তু আছে, যিটো বস্তুৱে তেওঁলোকক সমগ্র জীৱন ধৰি একনিষ্ঠ হৈ কোনো এটা কার্যসূচী ৰূপায়িত কৰিবলৈ আৰু তাক বিশ্বক উপহাৰ দিবলৈ অনুপ্রাণিত কৰে৷’ নিজৰ বিষয়ে গর্ব–সহকাৰে এনে এটা দাবী কৰিবলৈ অসমীয়াসকলক আৰু কেইশ বছৰ লাগিব?
মানুহৰ কথা মুখৰ পৰা ওলাই বতাহত বিলীন হৈ যায়, যুগমীয়া হৈ থাকে কেৱল মহৎ কর্ম৷ কুল শইকীয়াৰ সবল বৌদ্ধিক নেতৃত্বত অসম সাহিত্য সভাৰ এটা নতুন যুগৰ সূচনা হওক– ইয়াকে কামনা কৰিলোঁ৷

You might also like