নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কেন্দ্ৰীয় বাজেট

মন্দাৱস্থা দূৰীকৰণৰ সুদূৰপ্ৰসাৰী লক্ষ্য

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ অৰ্থনৈতিক সমীক্ষা, ২০১৯-২০ৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিল মন্দাৱস্থাই জুৰুলা পৰা দেশৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ বাজেট দাখিলৰ পূৰ্বে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনত পূৰ্বৰ ১২ মাহৰ আৰ্থিক বিকাশ আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰিকল্পানাক সাঙুৰি দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত নিম্ন গামী হোৱাটো স্পষ্ট হয়। প্রতিবেদনত উল্লেখ কৰা মতে, ২০১৯–২০ বিত্তীয় বর্ষত জি ডি পি ৫ শতাংশলৈ হ্রাস পাব৷ বিগত বর্ষৰ জুলাই মাহৰ তুলনাত কেন্দ্রীয় চৰকাৰে চলিত বিত্তীয় বর্ষৰ জি ডি পি ৭ শতাংশ হ’ব বুলি বিবৃতি দিছিল৷ অর্থনৈতিক সমীক্ষাৰ প্রতিবেদনৰ এই তথ্যই সাম্প্রতিক অর্থনৈতিক জটিলতাৰ ছবিখনকে স্পষ্ট ৰূপত তুলি ধৰিলে৷ অৱশ্যে আর্থিক জটিলতা দূৰীকৰণৰ সুদূৰপ্রসাৰী লক্ষ্য প্রতিফলিত হৈছে অর্থনৈতিক সমীক্ষাত৷ প্রতিবেদনত আগন্তুক বিত্তীয় বর্ষ অর্থাৎ ২০২০–২১ চনত ৬ৰ পৰা ৬.৫ শতাংশ জি ডি পিৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা কৃষ্ণমূর্তি সুব্রমণিয়নে প্রস্তুত কৰা অর্থনৈতিক সমীক্ষাত৷ লক্ষণীয় যে যোৱা জুলাই–ছেপ্ঢেম্বৰ ত্রৈমাসিকত জি ডি পি ৪.৫ শতাংশলৈ নিম্নগামী হৈছিল৷ ৪৫ বছৰৰ ভিতৰত সর্বাধিক নিম্নগামী হৈছিল দেশৰ অর্থনীতি৷ গুৰুত্বপূর্ণ যে ইয়াৰ পূর্বে চৰকাৰে ঘোষণা কৰা ২০১৭–১৮ বর্ষৰ জি ডি পি ৭.২ শতাংশৰ পৰা সংশোধিত ৭ শতাংশ বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ তেনেদৰে বিত্তীয় বর্ষ ২০১৮–১৯ বর্ষৰ জি ডি পিও পূর্বে ঘোষিত ৬.৮ শতাংশৰ পৰা ৬.১ শতাংশলৈ সংশোধিত কৰা হৈছে৷ বিগত ১২ মাহত দেশৰ বিভিন্ন ক্ষেত্রৰ আর্থিক বিকাশৰ হাৰ প্রতিবেদনত উল্লেখ কৰি পৰৱর্তী বিত্তীয় বর্ষৰ বাবে অর্থনৈতিক সমীক্ষাত দহটা নতুন পৰামর্শ সন্নিৱিষ্ট কৰে৷ প্রতিবেদনখনৰ মতে দেশৰ অর্থনৈতিক বিকাশৰ হাৰ উজ্জীৱিত কৰিবলৈ হ’লে চৰকাৰে দহটা নতুন পৰামর্শক গুৰুত্ব দিব লাগিব৷ ইয়াৰ ভিতৰত সকলোৰে কাৰণে লাভান্বিত সম্পত্তি সৃষ্টি, বজাৰ সক্ষম সম্পত্তি সৃষ্টি, ৰাজহুৱা সামগ্রীৰ প্রতি বিশ্বাস বৃদ্ধি, যাতে জনগণৰ মাজত এনে সামগ্রীৰ ব্যৱহাৰ বৃদ্ধি পায়, তৃণমূল পর্যায়ত উদ্যোগী গঢ়ি সম্পত্তিৰ সৃষ্টি কৰা, সকলোকে সমান সুযোগ দিয়াৰ বাবে বাণিজ্যমুখী নীতি গ্রহণ কৰা, চৰকাৰৰ দমনমূলক হস্তক্ষেপ প্রত্যাহাৰ কৰা, বিশ্বৰ কাৰণে ভাৰতক গঢ়ি তুলি সংস্থাপন সৃষ্টি কৰা, বিশ্বৰ ইজ অৱ ডুয়িং বিজনেছ তালিকাত ভাৰতক শীর্ষ ৫০ৰ ভিতৰলৈ অনা, বেংকিং খণ্ডক পুনৰুজ্জীৱিত কৰা আৰু থালী অর্থনীতি৷ অর্থনৈতিক সমীক্ষাৰ মতে, ২০০৬–০৭ আৰু ২০১৯–২০ বিত্তীয় বর্ষৰ কালছোৱাত নিৰামিষ ‘থালী’ৰ ক্রয় ক্ষমতা ২৯ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে আমিষ থালী ১৮ শতাংশ বৃদ্ধি পাইছে৷ এনে কাৰণতেই পৰৱর্তী বিত্তীয় বর্ষত ‘থালী’ অর্থনীতিক প্রাধান্য দিব লাগিব বুলি চৰকাৰক পৰামর্শ আগবঢ়োৱা হৈছে প্রতিবেদনখনত৷ ‘সম্পত্তি সৃষ্টি’ শীর্ষক প্রতিবেদনখনত ২০১৯ বর্ষত আন্তর্জাতিক অর্থনীতি নিম্নগামী হোৱাৰ অংশ হিচাপে ভাৰতৰ অর্থনীতিও নিম্নগামী হোৱা বুলি প্রকাশ কৰিছে৷ দেশৰ অর্থনীতি ২০২৫ চনৰ ভিতৰত ৫ লাখ কোটি মার্কিন ডলাৰ স্পর্শ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে ৰপ্তানিভিত্তিক সামগ্রীৰ নেটৱর্ক বৃদ্ধি কৰাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ আনপিনে, ২০২৪–২৫ বিত্তীয় বর্ষৰ ভিতৰত ভাৰতক ৫ লাখ কোটি মার্কিন ডলাৰ অর্থনীতিৰ দেশ হিচাপে গঢ়ি তুলিবলৈ সেই সময়ছোৱাৰ ভিতৰতে ১.৪ লাখ কোটি মার্কিন ডলাৰ আন্তঃগাঁথনিত ব্যয় কৰাত প্রাধান্য দিব লাগিব বুলিও উল্লেখ কৰা হৈছে৷ ২০২২ চনৰ ভিতৰত কৃষকৰ উপার্জন দুগুণ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে চৰকাৰে কৃষি আৰু ইয়াৰ লগত জড়িত খণ্ডত প্রত্যাহ্বান হৈ পৰা ঋণ, বীমা, জলসিঞ্চনৰ সুবিধাসমূহ শীঘ্রে নিষ্পত্তি কৰিব লাগিব৷ গ্রামাঞ্চলৰ মহিলা শ্রমিক শক্তিৰ অংশগ্রহণ নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিততে দেশখনৰ শ্রমিক বজাৰখনতো নেতিবাচক প্রভাৱ পৰিছে৷ অৱশ্যে ২০১১–১২ আৰু ২০১৭–১৮ চনৰ সময়ছোৱাত নিয়মীয়া দৰমহা পোৱা কর্মচাৰীৰ কাৰণে গ্রাম্য আৰু চহৰাঞ্চলত প্রায় ২.৬২ কোটি নতুন সংস্থাপন সৃষ্টি হৈছিল বুলিও সমীক্ষাত প্রকাশ পাইছে৷ তেনেদৰে ২০১১–১২ত সংস্থাপন ৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ২০১৭–১৮ বর্ষত ৯.৯৮ শতাংশ সংস্থাপন বৃদ্ধি পাইছে৷ ৰপ্তানি খণ্ডৰ ওপৰত চৰকাৰে গুৰুত্ব দিলে ২০২৫ চনৰ ভিতৰত ৪ কোটি সংস্থাপন সৃষ্টি কৰাৰ লগতে ২০৩০ চনৰ ভিতৰত এই সংস্থাপন ৮ কোটিলৈ বৃদ্ধি কৰিব পাৰিব বুলিও সমীক্ষাত পৰামর্শ আগবঢ়োৱা হৈছে৷ বাংগালুৰু বিমানবন্দৰৰ যোগেদি চলি থকা ইলেক্ট্রনিক্সৰ আমদানি–ৰপ্তানি বিশ্বমানৰ বুলি সমীক্ষাত প্রকাশ কৰা হৈছে৷ মানৱীয় পুঁজি আৰু বিকাশত বিনিয়োগৰ বাবে ভাৰতে বহনক্ষম বিকাশ লক্ষ্য (এছ ডি জি) লাভ কৰিবলৈ সক্ষম হোৱাৰ দিশে আগবাঢ়িছে বুলিও সমীক্ষাৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ আনপিনে, ২০১৯ৰ এপ্রিল–নৱেম্বৰ মাহত জি এছ টি সংগ্রহ ৪.১ শতাংশলৈ বৃদ্ধিৰ কথা প্রকাশ পাইছে৷ নতুন ব্যৱসায় আৰম্ভণি, সম্পত্তি পঞ্জীয়ন, কৰ আদায়ৰ ক্ষেত্রত চৰকাৰক সহজ নীতি গ্রহণ কৰাৰো পৰামর্শ আগবঢ়োৱা হৈছে৷ দেশত ব্যৱসায় সহজে আৰম্ভ কৰাৰ সুবিধা দিয়া আৰু অধিক সংস্কাৰৰ পোষকতা কৰাৰ লগতে কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত আগ্রাসী নির্বিনিয়োগৰ পৰামর্শ আগবঢ়াইছে প্রতিবেদনখনত৷ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে লোকসভাৰ মজিয়াত অর্থনৈতিক সমীক্ষা ২০১৯–২০ দাখিল কৰাৰ পাছত এখন সংবাদ মেলত মুখ্য অর্থনৈতিক উপদেষ্টা কৃষ্ণমূর্তি সুব্রমণিয়নে সেই সন্দর্ভত কয় যে ২০১৯ চনত আন্তর্জাতিক অর্থনীতি নিম্নগামী হোৱাৰ অংশ হিচাপে ভাৰতৰ অর্থনীতি নিম্নগামী হৈছে৷ ২০১৪ আৰু ২০১৮ চনৰ গড় তুলনাত ২০১৯ চনত বিশ্বৰ সকলো উন্নত দেশৰ লগতে উন্নয়নশীল দেশৰ অর্থনীতি নিম্নগামী হৈছে৷ চীনত সংহাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ প্রভাৱ ভাৰতীয় অর্থনীতিত অতি নূ্যনতম৷ এই সংক্রমণে দেশৰ অর্থনীতিত বৃহৎ প্রভাৱ নেপেলায়৷
৫ লাখ কোটি মার্কিন ডলাৰ অর্থনীতিত উপনীত হোৱাৰ লক্ষ্য অর্থনৈতিক সমীক্ষাত প্রকাশ পাইছেঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী
১৩০ কোটি ভাৰতীয়ৰ কাৰণে সম্পত্তি সৃষ্টিক প্রাধান্য দি আজি অর্থনৈতিক সমীক্ষা ২০১৯–২০ দাখিল কৰাৰ বাবে বিত্তমন্ত্রী সীতাৰমণক প্রশংসা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ উদ্যোগ, ৰপ্তানি, ইজ অৱ ডুয়িং বিজনেছকে ধৰি বহুমুখী কৌশলেৰে দেশে ৫ লাখ কোটি মার্কিন ডলাৰৰ অর্থনীতিত উপনীত হোৱাৰ লক্ষ্য প্রতিবেদনখনত স্পষ্ট হৈছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷

You might also like