নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাসাৰ বৰষুণত স্তব্ধ দিল্লী : ঠায়ে ঠায়ে তীব্ৰ যান-জঁট

বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ দিল্লীত বৰষুণৰ ফলত আজি ভিন্ন প্ৰান্তত যান-জঁটৰ সৃষ্টি হয়। সেই অনুসৰি যাতায়াতৰ ক্ষেত্ৰত নিয়ম ঠিক কৰিবলৈ দিল্লী যান-বাহন আৰক্ষীয়ে পৰামৰ্শ দিছে। বৰষুণৰ ফলত কেইবাটাও প্ৰান্তত পানী জমা হোৱাৰ খবৰ পোৱা গৈছে। দিল্লী যান-বাহন আৰক্ষীয়ে টুইট কৰি কয় যে “আনন্দ পৰ্বতৰ ৰেড লাইটৰ ওচৰত পানী জমা হোৱাৰ বাবে জাখিৰাৰ পৰা আনন্দ পৰ্বত অভিমুখী কেৰেজৱেত নিউ ৰোহটক ৰোডত যাতায়াত ক্ষতিগ্ৰস্ত হৈছে। যাতায়াত কৰা লোকসকলক এই ঠাইৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।” জাখিৰা ফ্লাইঅভাৰৰ পৰা তীব্ৰ যান-জঁটৰ খবৰ পোৱা গৈছে। বাহাদুৰগড় অভিমুখে নাজাফগড় পথত আৰু ৰাজা গাৰ্ডেন চ’কৰ পৰা ধৌলা কুয়ান লুপলৈকে ৰিং ৰোডত একেধৰণৰ দৃশ্য প্ৰত্যক্ষ কৰা হয়। এজন লোকে টুইট কৰি কয় যে নাৰায়ণাৰ পৰা ধৌলা কুয়ান ষ্ট্ৰেচৰ মোটি বাগ অভিমুখে যান-জঁট বেছি। আন এজন লোকে জনোৱা মতে, পঞ্জাবী বাগ চ’কত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে। ইয়াৰে একাংশই জানিবলৈ দিয়া মতে, আনন্দ বিহাৰ, লালকিল্লা, মথুৰ ৰোড, ছহোৱা অঞ্চলৰ সমীপত যান-জঁট বেছি। আজাদ বজাৰৰ ৰেড লাইট চ’কতো যান-জঁটৰ বহু বেছি হৈছে। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, মহানগৰীত যান-বাহন চলাচল সুচাৰুৰূপে চলিবলৈ পৰ্যাপ্ত যান-বাহন আৰক্ষীৰ জোৱান নিয়োগ কৰা হৈছে। আন এজন লোকে জনোৱা মতে, গুৰগাঁও সীমান্তৰ পৰা দিল্লী অভিমুখে ৰাষ্ট্ৰীয় ঘাইপথ-৮ত যান-জঁট বেছি আছিল। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শনিবাৰৰ বাবে আকাশ সাধাৰণভাৱে ডাৱৰীয়া হোৱাৰ লগতে মধ্যমীয়া বৰষুণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে।

You might also like