নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা বিভাগৰ বিশেষ পদক্ষেপঃ পাঠ্যপুথি এৰা ছাত্র–ছাত্রীক ঘূৰাই অনা হ’ব বিদ্যালয়লৈ

 

  •  গঠন কৰিব মাতৃগোট
  • বিদ্যালয় এৰা প্রতিগৰাকী ছাত্র–ছাত্রীৰ গৃহলৈ যাব মাতৃগোটৰ সদস্য

 

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ আধাতে বিদ্যালয় এৰা ছাত্র–ছাত্রীক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ ক্ষেত্রত শিক্ষা বিভাগে গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ৷ অসম সর্বশিক্ষা অভিযান মিছনে ইয়াৰ বাবে এক মাতৃগোট প্রস্তুত কৰিছে৷ এই মাতৃগোটৰ জৰিয়তে আধাতে শিক্ষা এৰি ঘৰুৱা কামত নিয়োজিত হোৱা অথবা অন্য কামত জড়িত হৈ পৰা ছাত্র–ছাত্রীসকলক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ ক্ষেত্রত গ্রহণ কৰিব পদক্ষেপ৷ উল্লেখ্য যে ইউনাইটেড ডিষ্ট্রিক ইনফ’ৰমেচন ছিষ্টেম ফৰ ইডুকেচন প্লাছৰ সমীক্ষা অনুসৰি অসমত নিম্ন প্রাথমিক পর্যায়ত আধাতে বিদ্যালয় এৰা ল’ৰাৰ হাৰ ৪.২ আৰু ছোৱালীৰ ৩.২ শতাংশ৷ উচ্চ প্রাথমিক স্তৰত এই হাৰ ল’ৰাৰ ক্ষেত্রত ৬.০ আৰু ছোৱালীৰ ৪.৬ শতাংশ৷ বিগত সময়ছোৱাত সর্বশিক্ষা অভিযানে আধাতে বিদ্যালয় এৰা ছাত্র–ছাত্রীক পুনৰ ঘূৰাই অনাৰ ক্ষেত্রত কেইবাটাও পদক্ষেপ গ্রহণ কৰিছিল যদিও সেইক্ষেত্রত বিশেষ সফলতা লাভ নকৰিলে৷ সেয়ে তেওঁ কয় ৰাষ্ট্রীয় শিক্ষা নীতি কার্যকৰী কৰাৰ ক্ষেত্রত শিক্ষা বিভাগে গ্রহণ কৰা তৎপৰতাৰ অংশস্বৰূপে এইবাৰ পুনৰ আধাতে বিদ্যালয় এৰা ছাত্র–ছাত্রীক ঘূৰাই অনাৰ বাবে গ্রহণ কৰিছে এলানি বিশেষ কৌশল৷

এই অনুসৰি গঠন হ’বলগা মাতৃগোটৰ সদস্যসকলে যিসমূহ বিদ্যালয়ৰ পৰা ছাত্র–ছাত্রীসকল আধাতে পাঠ্যক্রম এৰি আঁতৰি গৈছে, তেওঁলোকৰ ঘৰলৈ যাব আৰু অভিভাৱকসকলৰ সৈতে বিষয়টো সন্দর্ভত আলোচনা কৰিব৷ অসম সর্বশিক্ষা মিছন সঞ্চালকালয়ৰ সূত্র অনুসৰি বিদ্যালয় এৰা ছাত্র–ছাত্রীসকলক পোনপটীয়াকৈ বিদ্যালয়ত পাঠদানৰ বাবে অনাৰ পৰিৱর্তে প্রথম অৱস্থাত তেওঁলোকক পৃথকে বিদ্যালয়লৈ আনি বিভিন্ন ধৰণৰ কাহিনী অথবা সাধুকথাৰে আকর্ষিত কৰাৰ চেষ্টা চলাব৷ পৰৱর্তী সময়ত তেওঁলোকক নিয়মীয়া পাঠদানত জড়িত কৰা হ’ব৷ সূত্রটোৱে ইয়াকো সদৰী কৰে যে প্রতিখন বিদ্যালয়ৰ কর্তৃপক্ষক আধাতে এৰি যোৱা শিক্ষার্থীসকলক চিনাক্ত কৰি তেওঁলোকৰ এক তালিকা প্রস্তুত কৰিবলৈ ইতিমধ্যে সর্বশিক্ষা মিছনে নির্দেশ দিছে৷

সেই অনুসৰি তালিকা প্রস্তুতৰ পাছতেই মাতৃগোটৰ সদস্যসকলে বিদ্যালয় এৰা ছাত্র–ছাত্রীসকলক আৰু তেওঁলোকৰ অভিভাৱকসকলক সাক্ষাৎ কৰি এই দিশত আলোচনা কৰিব৷ কি কাৰণত অথবা কিহৰ অভাৱত বিদ্যালয় আধাতে এৰিছে, তাৰ প্রকৃত কাৰণ বিচাৰি উলিয়াই সেই ক্ষেত্রত অভিভাৱকসকলক সচেতন কৰাৰ চেষ্টা চলাব৷ এইক্ষেত্রত সর্বশিক্ষা মিছনে প্রতিখন স্কুল কর্তৃপক্ষক মাতৃগোটক সহায় কৰিবৰ বাবে বিদ্যালয়ৰ শিক্ষক, স্কুল পৰিচালনা সমিতি, অৱসৰপ্রাপ্ত শিক্ষক, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু আন সামাজিক অনুষ্ঠানক জড়িত কৰাৰ বাবেও বার্তা প্রেৰণ কৰিছে৷

You might also like