আজি গুৱাহাটীলৈ আহিব ৰাষ্ট্রপতি দ্রৌপদী মুর্মু
- গুৱাহাটী আইআইটিত আধাৰশিলা স্থাপন কৰিব পৰম কামৰূপা ছুপাৰ কম্পিউটাৰ–উচ্চ শক্তিৰ মাইক্র’ৱেভ উপাদান ডিভাইজ
- কাইলৈ আধাৰশিলা স্থাপন কৰিব মডেল অংগনৱাড়ী কেন্দ্র
- মুকলি কৰিব চাহ বাগিচাৰ ১০০খন আদর্শ বিদ্যালয়
- ফ্লেগ অফ কৰিব দুখনকৈ ৰে’লৰ
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পাছত প্রথমবাৰৰ বাবে দুদিনীয়া কার্যসূচীৰে অসমত উপস্থিত হ’ব দ্রৌপদী মুর্মু৷ আজি দুপৰীয়াৰ ভাগত ত্রিপুৰাৰ পৰা গুৱাহাটীত উপস্থিত হ’বলগীয়া ৰাষ্ট্রপতিগৰাকীয়ে তিনিটাকৈ অনুষ্ঠানত অংশ ল’ব৷ এই কার্যসূচীৰ অন্যতম হ’ল ৰাজ্যবাসীৰ বাবে ৰাষ্ট্রপতিগৰাকীয়ে মুকলি কৰিব ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, চাহ বাগিচা অঞ্চলত ১০০খন আদর্শ মাধ্যমিক বিদ্যালয়, ৩ হাজাৰটা অংগনৱাড়ী কেন্দ্র৷
ৰাজ্য চৰকাৰৰ সূত্রই প্রকাশ কৰা অনুসৰি আজি দুপৰীয়াৰ ভাগত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰা ৰাষ্ট্রপতিগৰাকীয়ে সেনাবাহিনীৰ হেলিকপ্ঢাৰেৰে খানাপাৰাৰ হেলিপেডত অৱতৰণ কৰিব৷ তাৰ পাছতে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত দুপৰীয়া আহাৰ গ্রহণ কৰাৰ পাছত সন্ধিয়া ৪.৩০ বজাত ৰাষ্ট্রপতিগৰাকী উপস্থিত হ’ব গুৱাহাটী আই আই টিত৷ উচ্চ শিক্ষা প্রতিষ্ঠানখনত ৰাষ্ট্রপতিগৰাকীয়ে ভাইৰ’লজী প্রতিষ্ঠানৰ মাণ্ডলিক শাখাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুকলি কৰিব সমীৰ শীর্ষক গৱেষণাগাৰ৷ ৰাষ্ট্রপতিগৰাকীয়ে পৰম কামৰূপা শীর্ষক ছুপাৰ কম্পিউটাৰৰো আধাৰশিলা স্থাপন কৰিব৷
তদুপৰি উচ্চ শক্তিৰ মাইক্র’ৱেভ উপাদানৰ ডিজাইন মুকলি কৰাৰ লগতে এই অনুষ্ঠানৰ পৰাই ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনো ভার্চুৱেলী মুকলি কৰিব৷ এই অনুষ্ঠানৰ পৰাই ৰাষ্ট্রপতিগৰাকীয়ে গুৱাহাটী–কলকাতা–গু ৰে’লৰ বিশেষ সম্প্রসাৰণ, মণিপুৰৰ খোংছাঙলৈকে আগৰতলা–জিৰিবাম–আ জনশতাব্দী এক্সপ্রেছৰ সম্প্রসাৰণৰ বাবে ফ্লেগ অফ কৰিব৷ সন্ধিয়াৰ ভাগত খানাপাৰাত অসম পদাধিকাৰী মহাবিদ্যালয়ত উপস্থিত হ’বলগীয়া ৰাষ্ট্রপতিগৰাকীৰ সন্মানার্থে ৰাজ্য চৰকাৰে আয়োজন কৰা বিশেষ সাংস্কৃতিক অনুষ্ঠানত অংশ ল’ব৷ ৰাজ্যখনৰ কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলে ৰাষ্ট্রপতি মুর্মুৰ সন্মুখত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷
কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নিশা কটোৱাৰ পাছত ১৪ অক্টোবৰ শুকুৰবাৰে পুৱাৰ ভাগতে ৰাষ্ট্রপতিগৰাকীয়ে কামাখ্যা মন্দিৰ দর্শন কৰিব৷ ইয়াৰ পাছতে ৰাষ্ট্রপতিগৰাকী উপস্থিত হ’ব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত৷ ইয়াৰ পৰাই ৰাষ্ট্রপতিগৰাকীয়ে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন, উদ্বোধন সম্পন্ন কৰিব৷ বিশেষকৈ ৰাষ্ট্রপতিগৰাকীয়ে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ, পেট্র’লিয়াম–প্রাকৃতিক গেছ, ৰে’ল মন্ত্রালয়ৰ বিভন্ন প্রকল্পৰ আধাৰশিলা আৰু উন্মোচনৰ লগতে ৰাষ্ট্রপতিগৰাকীয়ে অসমৰ ৩০০০ আদর্শ অংগনৱাড়ী কেন্দ্র আৰু ১০০খন চাহ বাগিচা অঞ্চলৰ আদর্শ বিদ্যালয় মুকলি কৰিব৷ ৰাষ্ট্রপতিগৰাকীয়ে শিলচৰত মইনাৰ বণ্ডত ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ ৰে’ল–ফেড–পেট্র’লিয়াম ষ্ট’ৰেজ ডিপো উদ্বোধনৰ লগতে দুটা ঘাইপথ প্রকল্প, গুৱাহাটীৰ আজ্ঞাঠুৰীত আধুনিক কার্গো–কাম–কোচিং টার্মিনেল আৰু গুৱাহাটীৰ পৰা লামডিঙলৈ শোখুডি (নাগলেণ্ড) আৰু মেন্দিপথাৰ (মেঘালয়)লৈকে এখন ৰে’লৰ ফ্লেগ অফ কৰিব৷ ইয়াৰ পাছতে ৰাষ্ট্রপতিগৰাকী দিল্লীলৈ উভতি যাব৷