নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোছাক বিক্রীত চীনক অতিক্রমৰ সংকল্প বাংলাদেশৰ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ বিশ্ব বজাৰত পোছাক ৰপ্তানিৰ ক্ষেত্রত দ্বিতীয় স্থানত থকা বাংলাদেশে প্রথম স্থানত থকা চীনক অতিক্রম কৰাৰ সংকল্প গ্রহণ কৰিছে৷ ইয়াৰ বাবে বাংলাদেশ গার্মেণ্ট মেনুফেকচার্ছ এণ্ড এক্সপর্টছ এছ’চিয়েচন (বিজিএমইএ)ৰ তৰফৰ পৰা বিভিন্ন উদ্যোগ গ্রহণ কৰা হৈছে৷ এই উদ্দেশ্যে ১২ৰ পৰা ১৯ নৱেম্বৰলৈ মেড ইন বাংলাদেশ উইকৰ আয়োজন কৰিছে সংস্থাটোৱে৷  ঢাকাত সংবাদ মেলত এই কথা ঘোষণা কৰিছে বিজিএমইএৰ মুৰব্বী ফাৰুক হাছানে৷ বিশ্ব বজাৰত চীনক অতিক্রম কৰিলে অকল বাংলাদেশেই নহয়, প্রতিবেশী ভাৰতো উপকৃত হ’ব বুলি ঘোষণা কৰে হাছানে৷ কাৰণ ভাৰতে পোছাক প্রস্তুতৰ বাবে কেঁচা সামগ্রী তথা পেট্র’কেমিকেলছ ৰপ্তানি কৰি আহিছে৷

You might also like