ঘুণাসুঁতিত সোৱণশিৰিৰ কালৰূপঃ সপোনৰ ঘৰখন নিজেই ভাঙিছে আতংকিত নৈপৰীয়াই
নিয়মীয়া বাৰ্তা, ১৮অক্টোৱৰ: সোৱণশিৰি নৈৰ গৰাখহনীয়াই পুনৰবাৰ কালৰূপ ৰূপ ধাৰণ কৰিছে লখিমপুৰ জিলাৰ ঐতিহাসিক ঘুণাসুঁতিত।সোৱণশিৰি নৈৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে ভয়ংকৰভাৱে আৰম্ভ হৈছে গৰাখহনীয়া।ভয়ংকৰ গৰাখহনীয়াত আতংকিত ঘুণাসুঁতি পঞ্চায়তৰ বালিভেটা, উৰিয়ামতলা,কলিয়নী, নাহৰণি আদি গাঁওৰ শ শ ৰাইজ।সোৱণশিৰিয়ে কালৰূপ ধাৰণ কৰি নিমিষতে খহাই নিছে বহুতৰে সপোনৰ ঘৰখন।নদীত বিলীন হৈছে বিঘাই বিঘাই কৃষিভূমি।জাহ গৈছে একাধিক চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান।খহনীয়াৰ কৱলত পৰি দিশহাৰা নৈপৰীয়া ৰাইজ ৷খহনীয়াৰ আতংকত নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে।অবিৰতভাৱে অব্যাহত থকা খহনীয়াত চলিত সপ্তাহতে কেৱল বালিভেটা গাঁৱৰ প্ৰায় ১০-১২টাকৈ পৰিয়ালৰ ঘৰ-ভেটি নদীত বিলীন হৈছে।
নৈৰ পাৰত বাস কৰা পৰিয়ালসমূহে ঘৰ-দুৱাৰ ভাঙি সা-সম্পত্তি ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলাইছে। নৈপৰীয়াই হাতত দা-কোঠাৰ লৈ এফালৰ পৰা নিজে সজা সপোনৰ ঘৰখন নিজেই ভাঙিছে আতংকিত নৈপৰীয়া।হাতত লাম-লাকতো লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়াল।তদুপৰি খহনীয়াগ্ৰস্থ গৃহহীন লোকসকলে এতিয়া আশ্ৰয় লৈছে বিভিন্ন স্থানত।ভোকে-পিয়াহে অনিদ্ৰা-অনাহাৰে সময় পাৰ কৰিছে দুৰ্ভগীয়া লোকসকলে।একপ্ৰকাৰ অসহনীয় আৰু অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ঘুণাসুঁতিৰ বালিভেটা অঞ্চলত।কিন্তু তৎস্বত্তেও খহনীয়াগ্ৰস্তৰ লোকৰ খবৰ ল’বলৈ আহৰি নাই লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনৰ৷ জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ এনে কাৰ্যত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।আনকি খহনীয়াস্থলীত উপস্থিত হোৱা নাই বিয়াগোম জলসম্পদ বিভাগটোৰ কোনো বিষয়া-অভিযন্তা। অতি শীঘ্ৰে খহনীয়া ৰোধ কৰাৰ লগতে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে ।
প্ৰেৰক পুলকজ্যোতি বৰা